নলবাৰী , 14 জুনঃ কৰ্তব্যত গাফিলতি কৰি নিলম্বিত হ’ল চৰকাৰী কৰ্মচাৰী ৷ নলবাৰী জিলাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত হৈছে এই ঘটনা ৷ জিলা উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে নিলম্বন কৰা বিষয়াগৰাকীৰ নাম টুপুল শৰ্মা ৷
প্ৰাপ্ত তথ্য মতে , জিলা প্ৰশাসনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী পৰিসংখ্যা বিষয়াগৰাকীক কুমাৰ ভাষ্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ত সাজি উলিওৱা কোৱাৰেণ্টাইন কেন্দ্ৰৰ দায়িত্বত নিয়োজিত কৰিছিল ৷ কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক অৱজ্ঞা কৰি কৰ্তব্যত যোগদান কৰা নাছিল টুপুল শৰ্মাই ৷ জিলা প্ৰশাসনে এই বিষয়ে অৱগত হোৱাৰ পাছতেই দেওবাৰৰ পৰা বলৱৎ হোৱাকৈ অসম কোভিড-১৯ অধিনিয়মৰ অধীনত তৎকালীনভাৱে বিষয়াগৰাকীক চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে ৷
লগতে পঢ়কঃ ৬৫ বছৰত ভৰি থলে অভিনেত্ৰী তথা ৰাজনীতিবিদ কিৰণ খেৰে