ETV Bharat / state

চাৰিদিনীয়াকৈ চামতাত নাট সমাৰোহৰ আয়োজন

author img

By

Published : Jan 6, 2021, 7:25 PM IST

চামতাৰ শ্রীমন্ত কলা নিকেতনৰ উদ্যোগত আৰু সংস্কাৰ ভাৰতী অসমৰ সহযোগত 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ বাকৰিত যাত্রা নাট সমাৰোহ উদযাপনৰ আয়োজন কৰিছে । লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে আয়োজক সমিতিয়ে ৷

from-7th-january-to-10th-january-nat-festival-will-be-held-in-chamta
7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চামতাত নাট সমাৰোহ

নলবাৰী, 6 জানুৱাৰী : পশ্চিম নলবাৰীৰ অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান চামতাৰ শ্রীমন্ত কলা নিকেতনৰ উদ্যোগত আৰু সংস্কাৰ ভাৰতী অসমৰ সহযোগত 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদৰ বাকৰিত যাত্রা নাট সমাৰোহ উদযাপনৰ আয়োজন কৰিছে ।

আয়োজক সমিতিৰ মন্তব্য

ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা যাত্ৰা নাট সমাৰোহৰ উদ্দেশ্য, কাৰ্যসূচী, বাজেট আৰু প্ৰস্তুতি সম্পৰ্কে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে উদ্যোক্তা সকলে । সংবাদ মেলত ঘোষণা কৰা অনুসৰি, 7 জানুৱাৰীৰ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, প্ৰয়াত শিল্পী সকলৰ স্মৃতিত স্মৃতি তৰ্পণ, দিনৰ 11 বজাত বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রা, সন্ধিয়া প্ৰদৰ্শনীৰ দ্বাৰ মুকলি, বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী মঞ্চ উদ্বোধন, নাট্য সন্ধিয়াত যাত্রাভিনয়-ৰাজনন্দিনী ভ্ৰাম্যমান নাট্যদল আৰু সৰ্থেবাৰীৰ নাট-অজলা ককাই প্ৰদৰ্শন কৰিব বুলি জানিব দিয়ে উদ্যোক্তাই ।

লগতে পঢ়ক : নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

একেদৰে, দ্বিতীয় দিনা চিত্রাংকণ প্ৰতিযোগিতা, সন্ধিয়া যাত্রাভিনয়ত মুগকুছি মিলন নাট্য গোষ্ঠীৰ নাটক 'মৰম দিয়া মোক' প্ৰদৰ্শন কৰা হ'ব । তৃতীয় দিনা আবেলি প্ৰশ্নোত্তৰ শিতান, সন্ধিয়া ৰজগুৰু মিনি থিয়েটাৰৰ যাত্রাভিনয়ৰ নাট 'ৰামধেনুৰ ৰং' প্ৰদৰ্শন কৰা হ'ব ।

চতুৰ্থ তথা অন্তিম দিনা দিনৰ 11 বজাত 'তাহানিৰ যাত্রাপাৰ্টীৰ পৰিবৰ্ত্তিত ৰূপত আজিৰ যাত্রাদলৰ ভূমিকা তথা ইয়াৰ প্ৰাসংগিকতা' সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব । আবেলি ন-পুৰণি শিল্পী সমন্বয়ৰ অন্তৰংগ অনুষ্ঠান, স্মৃতিগ্ৰন্থ উন্মোচন, যাত্রাভিনয়ত মুকালমুৱাৰ গামোচা মিনি থিয়েটাৰৰ নাট 'কলংকিনী নায়িকা' প্ৰদৰ্শন কৰা হ'ব । উক্ত সমাৰোহত বহুকেইজন শিল্পীকে সম্বৰ্ধনা জনোৱা হ'ব ।

উল্লেখ্য যে, 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ চাৰিদিনীয়াকৈ আয়োজন কৰা যাত্ৰা নাট সমাৰোহৰ আটাইকেইদিনতে সমূহ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে ৷

লগতে পঢ়ক : কেনেকৈ চাপাগুৰিৰ বাছষ্টেণ্ড পালেগৈ অমিতৰাজ দৈমাৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.