নলবাৰী, ৩ মাৰ্চ : নলবাৰীত দেওবাৰে অনুষ্ঠিত কৰা হয় এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ । জিলাখনৰ এলেংগীদল যুৱ সমাজৰ উদ্যোগত আৰু গেট হস্পিতালৰ সহযোগত এই বিনামূলীয়া চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা হয় ।
মুগকুছি এল পি স্কুলত অনুষ্ঠিত হোৱা এই বিনামূলীয়া স্বাস্থ্য শিৱিৰটোত প্ৰায় তিনিশৰো অধিক ৰোগীয়ে অংশ লয় । আনহাতে এই স্বাস্থ্য শিৱিৰটোত চকু ৰোগ বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ লগতে কিছু পৰিমাণে ৰোগীক বিনামূলীয়াকৈ ঔষধও যোগান ধৰা হয় । উল্লেখ্য যে গেট হস্পিতালৰ বিভিন্ন জন অভিজ্ঞ চিকিৎসক এই বিনামূলীয়া চিকিৎসা শিৱিৰত উপস্থিত থাকে ।