ETV Bharat / state

ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি - ভূমিধৰ বৰ্মনৰ মৃত্যু

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান ৷ ৰাজ্যজুৰি শোকৰ ছাঁ ৷

ডাঃ ভূমিধৰ বৰ্মনৰ মৃত্যু: অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি
ডাঃ ভূমিধৰ বৰ্মনৰ দেহাৱসান
author img

By

Published : Apr 18, 2021, 9:57 PM IST

Updated : Apr 19, 2021, 4:17 PM IST

নলবাৰী,18 এপ্ৰিল: সদ্য প্ৰয়াত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পাছতে পুনৰ এবাৰ অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত দেওবাৰে সন্ধিয়া 6.20 বজাত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছী নেতা ডাঃ ভূমিধৰ বৰ্মনে শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত প্ৰায় ডেৰমাহে মধুমেহ, শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ লগতে অন্যান্য বিভিন্ন ৰোগত আক্ৰান্ত হৈ ডাঃ বৰ্মন দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৷ সাতবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰিছে ৷

ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী অন্যতম নেতা ডাঃ বৰ্মনে হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পাছত 1996 চনৰ 22 এপ্ৰিলৰ পৰা 1996 চনৰ 14 মে'লৈ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ৷ 1967 চনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা প্ৰয়াত ডাঃ বৰ্মন সাতবাৰকৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল ৷

এগৰাকী সু চিকিৎসক হিচাপেও খ্যাতি অৰ্জন কৰা ডাঃ বৰ্মনে 1931 চনত নলবাৰী জিলাৰ বেলশৰ গাঁৱৰ শিঙিমাৰাত প্ৰয়াত ভকতৰাম বৰ্মন আৰু মঠোপ্ৰিয়া বৰ্মনৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল ৷ ভকতৰাম বৰ্মন আৰু মঠোপ্ৰিয়া বৰ্মনৰ তিনি জন পুত্ৰ আৰু দুগৰাকী কন্যাৰ ভিতৰত প্ৰয়াত ডাঃ বৰ্মন আছিল কনিষ্ঠতম পুত্ৰ ৷

অভিভাৱকহীন হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটি

বেলশৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণৰ পাছত 1951 চনত টিহু হাইস্কুলৰ পৰা বৰ্মন প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় ৷ ইয়াৰ পাছত 1953 চনত কটন কলেজৰ পৰা আই.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ ডিব্ৰুগড়ৰ অআসম চিকিৎসা মহা বিদ্যালয়ত নামভৰ্তি কৰে ৷

এগৰাকী সু চিকিৎসক হিচাপে খ্যাতি অৰ্জন কৰা ডাঃ বৰ্মনে সাধাৰণ আৰু দৰিদ্ৰ পৰিয়ালৰ লোকক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰি যথেষ্ট সুনাম অৰ্জন কৰিছিল ৷ ৰাজনৈতিক ক্ষেত্ৰখনতো এক সক্ৰিয় ভূমিকা পালন কৰা ডাঃ বৰ্মন 1967 চনত পশ্চিম নলবাৰী (বৰ্তমান ধৰ্মপুৰ) সমষ্টিৰ পৰা বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয় ৷ 1972 চনত তেওঁ পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় ৷ সেই সময়ৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই তেওঁৰ মন্ত্ৰীসভাত ডাঃ ভূমিধৰ বৰ্মনক ৰাজ্যিক ৰাজহ আৰু শিক্ষামন্ত্ৰীৰূপে নিযুক্তি দিয়ে ৷ 1978 চনৰ নিৰ্বাচনত জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত হোৱাৰ পাছত 1983 চনত ধৰ্মপুৰ সমষ্টিৰ পৰা তেখেত পুনৰ বিধানসভালৈ নিৰ্বাচিত হয় ৷ সেইবাৰ তেওঁক মন্ত্ৰীসভাত শিক্ষা, স্বাস্থ্য, পৰিয়াল আৰু পঞ্চায়ত বিভাগৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷ 1985 চনত হোৱা নিৰ্বাচনত ধৰ্মপুৰ সমষ্টিৰ পৰা পুনৰ বিধানসভাৰ প্ৰাৰ্থীৰূপে থিয় দিছিল যদিও সেইবাৰ তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থী চন্দ্ৰ মোহন পাটোৱাৰীৰ হাতত পৰাজিত হয় ৷ 1991 চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা ডাঃ ভূমিধৰ বৰ্মন অসম বিধান সভালৈ চতুৰ্থ বাৰৰ বাবে নিৰ্বাচিত হয় ৷ সেইবাৰ তেওঁ বিপুল ভোটত জয়লাভ কৰি হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাত জ্যেষ্ঠ মন্ত্ৰীৰূপে স্থান লাভ কৰি, স্বাস্থ্য, শিক্ষা আৰু চুক্তি ৰূপায়ণ দপ্তৰৰ কাৰ্যভাৰ গ্ৰহণ কৰে ৷

1996 চনত বৰক্ষেত্ৰী সমষ্টিৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনত নামি পৰাজিত হয় যদিও 2001 চনত পুনৰ বৰক্ষেত্ৰী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ বিধায়কৰূপে নিৰ্বাচিত হয় ৷ সেইবাৰ মুখ্যমন্ত্ৰীৰূপে প্ৰয়াত তৰুণ গগৈয়ে শপত গ্ৰহণ কৰে ৷ তৰুণ গগৈৰ মন্ত্ৰীসভাত তেওঁ স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ৷

উল্লেখ্য যে, 1961 চনত ডাঃ ভূমিধৰ বৰ্মন কামৰূপ জিলাৰ পলাশবাৰীৰ মালতী দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ এজন পুত্ৰ আৰু তিনি গৰাকী কন্যাৰ সৈতে ডাঃ বৰ্মনে মুঠ চাৰিটা সন্তানৰ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰে ৷ তেখেতৰ পুত্ৰ দিগন্ত বৰ্মন এগৰাকী এচিএছ বিষয়া ৷ অৱশ্যে ৰাজনীতিৰ পথাৰত নামি তেওঁ এই পদৰ পৰা বাধ্যতামূলক অৱসৰ গ্ৰহণ কৰে ৷ তেখেতৰ কন্যা তিনি গৰাকী ক্ৰমে দীপালী বৰ্মন, ৰীণা বৰ্মন আৰু ৰীতা বৰ্মন ৷ এইবাৰৰ বিধানসভা নিৰ্বাচনত তেওঁৰ কনিষ্ঠ পুত্ৰ দিগন্ত বৰ্মনে বৰক্ষেত্ৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে ।

বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীৰ মৃত্যুত বেলশৰৰ শিঙিমাৰাত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ডাঃ বৰ্মনৰ মৃত্যুত নলবাৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে ৷

লগতে পঢ়ক: জটিলতাৰ দিশে ৰাজ্যৰ ক'ভিড পৰিস্থিতি

Last Updated : Apr 19, 2021, 4:17 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.