ETV Bharat / state

নলবাৰীত বিশ্ব হিন্দু পৰিষদৰ খাদ্য বিতৰণ

author img

By

Published : May 28, 2021, 1:50 PM IST

নলবাৰীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত আৰ্তজনক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় ৷

Food Distribution by nalbari biswa hindu parishad
নলবাৰীত বিশ্ব হিন্দু পৰিষদৰ খাদ্য বিতৰণ

নলবাৰী, 28 মে’ : কৰ’ণা মহামাৰী ভয়াৱহ পৰিস্থিতিত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা সমিতিৰ প্ৰংশসনীয় পদক্ষেপ । আংশিক ল’কডাউনৰ সময়ছোৱাত আৰ্তজনক বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে বিশ্ব হিন্দু পৰিষদে । কৰ’ণা মহামাৰীৰ বাবে বিভিন্ন পৰিয়ালৰ খাদ্য সংকট হোৱাৰ সময়ছোৱাত নলবাৰী চহৰৰ বিভিন্ন পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে ।

উল্লেখ্য় যে, নলবাৰী হৰিমন্দিৰ প্ৰাংগণৰ পৰা বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নেতৃত্বত কেইবাটাও পৰিয়ালৰ লগতে কেইবাজনো শাৰিৰীকভাৱে অক্ষম ব্যক্তিকো খাদ্য সামগ্ৰী প্ৰদান কৰে ৷ আনহাতে, পুষ্পকপুৰৰ লগতে আন আন চুবুৰীয়া অঞ্চল সমূহতো খাদ্য সামগ্ৰী বিতৰণ কৰা পৰিলক্ষিত হয় ।

উক্ত কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সভাপতি তৰুণ ঠাকুৰীয়া আৰু প্ৰচাৰ সম্পাদক ভাস্কৰ ডেকা আৰু বিশ্ব হিন্দু পৰিষদৰ নেতৃত্ব উপস্থিত থাকে । তেওঁলোকৰ এই পদক্ষেপক সকলোৱেই শলাগ লৈছে ।

লগতে পঢ়ক : নিজ ৰাজ্যলৈ উভতিল অসমত আশ্ৰয় লোৱা পশ্চিমবংগৰ লোকসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.