নলবাৰী, 22 মে’ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাতো প্ৰতিদিনে কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ লগতে টিহু মহকুমাৰ বৃহত্তৰ মাখিবাহা অঞ্চলটো বহু কেইগৰাকী লোক কৰ’ণাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে । অঞ্চলটোত আক্ৰান্ত সকলৰ একাংশ মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে একাংশ হোম আইচলেচনত আছে ।
![food-distribution-by-makhibaha-rural-development-committee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11851610_hsbhgn.png)
যিহেতু হোম আইচলেচনত থকা কৰ’ণা আক্ৰান্ত ৰোগীৰ ঘৰলৈ কোনো লোক যাব নোৱাৰে গতিকে খাদ্য সংকটত পৰাৰ সম্ভাৱনা অধিক । সেয়েহে শুকুৰবাৰে বৃহত্তৰ মাখিবাহা অঞ্চলৰ কৰ’ণা আক্ৰান্ত ৰোগীৰ ৪৬ টা পৰিয়ালক মাখিবাহা গ্ৰামোন্নয়ন সমিতিয়ে খাদ্য সামগ্ৰী বিতৰণ কৰে।
![food-distribution-by-makhibaha-rural-development-committee](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11851610_hsbhgnhj.png)
উল্লেখ্য যে, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি ফনীন্দ্ৰ নাথ দাস আৰু সম্পাদক ৰঞ্জিত কুমাৰ শৰ্মাৰ নেতৃত্বত কৰ’ণা আক্ৰান্ত ৰোগীৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ চাউল, দাইল, আলু, পিয়াজ, চেনী, মিঠাতেল, চাবোন, বিস্কুট, নিমখ আদি খাদ্য সামগ্ৰীৰে ভৰ্তি এটা মোনা দিয়া হয় । ইয়াৰ লগতে মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ দলটোৱে মাখিবাহা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপস্থিত হয় চিকিৎসক সকলক উৎসাহ দিয়াৰ লগতে ৰোগী সকলৰো খবৰ লৈ মনত সাহস দিয়ে । মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ এনে কাৰ্যক ৰাইজে শলাগ লৈছে ।
লগতে পঢ়ক : নাহৰকটীয়াত ধোঁৱাচাঙত উঠিছে ক’ভিড প্ৰট'কল