ETV Bharat / state

Flood relief Distribution: নলবাৰীৰ খহনীয়াগ্ৰস্ত চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতি দলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:08 PM IST

নলবাৰীৰ চৰাঞ্চলৰ গৰাখহনীয়াৰ কৱলত পৰা মানুহৰ ক্ষয়-ক্ষতিৰ বুজ লৈ সাহায্য বিতৰণ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সঁজাতি দলৰ । সংখ্যালঘু বসতি প্ৰধান অঞ্চল হোৱা বাবে চৰকাৰে হেমাহিৰ দৃষ্টিৰে চোৱাৰ অভিযোগ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদৰ ।

Flood relief Distribution
নলবাৰীৰ খহনীয়াগ্ৰস্ত চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতি দলৰ

নলবাৰী, ৪ ছেপ্টেম্বৰ: নলবাৰী জিলাৰ বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ এটা সঁজাতি দলে সোমবাৰে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে । বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কালাৰচৰ, ভাংনামাৰী, কুৰিহামাৰী-বৰচুলিয়া তিনিটা পঞ্চায়ত এতিয়া প্ৰৱল গৰাখহনীয়াৰ কৱলত । হেজাৰ-হেজাৰ মানুহ এতিয়া গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হ’বলগীয়া হৈছে । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ নিৰ্দেশমৰ্মে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ এটা সঁজাতি দলে গৰাখহনীয়াৰ কৱলত পৰা কুৰিহামাৰী পঞ্চায়তৰ লোকৰ পৰিস্থিতি বুজ লোৱাৰ লগতে প্ৰায় সাত শতাধিক মানুহৰ মাজত চিৰা, চেনী আৰু ত্ৰিপাল বিতৰণ কৰে ।

বৃহত্তৰ চৰ অঞ্চলটোত প্ৰতিবছৰে অহা বানপানী আৰু গৰাখহনীয়াৰ বাবে হেজাৰ-হেজাৰ মানুহ ইতিমধ্যে অন্য ঠাইলৈ উঠি গৈছে যদিও চৰকাৰে আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদে অঞ্চলটো পৰিদৰ্শন কৰি সংখ্যালঘু বসতি প্ৰধান অঞ্চল হোৱা বাবে চৰকাৰে হেমাহিৰ দৃষ্টিৰে চোৱা বুলি মন্তব্য কৰে । ইফালে জিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো সাহায্য লাভ নকৰাৰ কথা ব্যক্ত কৰে স্থানীয় লোকসকলে ।

বৃহত্তৰ চৰাঞ্চলৰ মানুহৰ স্বাৰ্থত অঞ্চলটোত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক অনুৰোধ জনায় স্থানীয় ৰাইজে । বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ এই সঁজাতি দলটোত ভাংনামাৰী জিলা পৰিষদ সদস্যা মনোৱাৰা খাতুন, প্ৰাক্তন জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা বৰ্তমানৰ উপদেষ্টা ফণীধৰ ডেকা, যুৱ কংগ্ৰেছৰ সভাপতিৰ লগতে বিভিন্ন বিষয়ববীয়া আৰু কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে বৰক্ষেত্ৰীৰ চৰাঞ্চল কোবাল গৰখহনীয়াত পৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা দৃশ্য সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল যদিও চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰাৰ পৰিলক্ষিত নহ’ল । আজি বিৰোধী দল কংগ্ৰেছৰ সঁজাতি দলটোৱে চৰাঞ্চলত উপস্থিত হৈ সাহাৰ্য বিতৰণ কৰাৰ লগতে অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক: An old woman in spotlight: কামপুৰৰ ৭০ বছৰীয়া আইতাৰ মহানুভৱতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.