ETV Bharat / state

বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

author img

By

Published : May 31, 2020, 3:48 PM IST

বানৰ কৱলত পৰা পশ্চিম নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল । জিলাখনৰ পশ্চিম দিশত বুঢ়াদিয়া নৈয়ে প্ৰতিবছৰে মথাউৰি ভাঙি তাণ্ডৱ চলাই আহিছে । যাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্থ হোৱাৰ উপৰিও লোকচানৰ সন্মুখীন হৈছে মীন পালক । আনহাতে, বৰ্তমান পৰ্যন্ত বানাক্ৰান্ত ৰাইজৰ ওচৰত জনপ্ৰতিনিধি উপস্থিত নোহোৱাৰ অভিযোগ স্থানীয়ৰ ।

নলবাৰী
বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

নলবাৰী, ৩১ মে': বছৰৰ প্ৰথমতো বানৰ কৱলত পৰা পশ্চিম নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল বৰ্তমানেও প্লাৱিত হৈ আছে । জিলাখনত বুঢ়াদিয়া নৈয়ে প্ৰতিবছৰে মথাউৰি ভাঙি তাণ্ডৱ চলাই আহিছে যাৰ ফলত বিস্তৃৰ্ণ অঞ্চলৰ কৃষি ভূমি ক্ষতিগ্ৰস্থ হোৱাৰ লগতে মীনপালকসকল যথেষ্ট লোকচানৰ সন্মুখীন হৈছে ।

নলবাৰী
বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

উল্লেখ্য যে, বানপানীৰ কৱলত এতিয়াও বহু পৰিয়ালৰ গৃহ বাট-পথ বুৰ গৈ আছে । বানপানীৰ ফলত পৰা এইসকল বানক্ৰান্ত ৰাইজে মানুহ-গৰু একেলগে সহাৱস্থান কৰিব লগা হৈছে । ইফালে মহামাৰী কৰ'ণাৰ বাবে দেশত চলি থকা লকডাউনৰ মাজতে এইসকল বানক্ৰান্ত ৰাইজৰ বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈছে ।

বানৰ কৱলত নলবাৰীৰ বিস্তৃৰ্ণ অঞ্চল

আনহাতে, পশ্চিম নলবাৰীৰ বানক্ৰান্ত ৰাইজৰ বৰ্তমানেও কোনো জনপ্ৰতিনিধিৰ খবৰ নলোৱাৰ অভিযোগ । পোৱা নাই বহু পৰিয়ালে বান সাহাৰ্য্য । ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত এই বানক্ৰান্ত ৰাইজৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিয় খবৰ নলয় বুলি অভিযোগ উত্থাপন কৰে স্থানীয়ই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.