ETV Bharat / state

নলবাৰীৰ টিহুত পুনৰ বানৰ তাণ্ডৱ - নলবাৰীৰ টিহুত পুনৰ বানৰ তাণ্ডৱ

নলবাৰীৰ টিহুত পুনৰ বানৰ সন্ত্ৰাস ৷ টিহুৰ উত্তৰ বালি, পামৈপাৰা আৰু দহকাউনীয়াৰ মৰাপাগলদিয়া নৈৰ ভঙা মথাউৰিৰে হো-হোৱাই সোমাইছে পানী ৷ প্লাৱিত হৈছে 20 খনৰো অধিক গাঁও ৷

নলবাৰীৰ টিহুত পুনৰ বানৰ তাণ্ডৱ
নলবাৰীৰ টিহুত পুনৰ বানৰ তাণ্ডৱ
author img

By

Published : Jul 12, 2020, 5:42 PM IST

নলবাৰী, 12 জুলাই : নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত পূৱ নাম্বৰভাগ গাঁও পঞ্চায়ত আৰু পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ উত্তৰ বালি, পামৈপাৰা আৰু দহকাউনীয়াত মৰাপাগলদিয়া নৈৰ মথাউৰি ছিঙি যন্ত্ৰণাত ভুগিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভঙা মথাউৰিৰে পানী সোমাই বিলাই বিপত্তি নোহোৱা কৰিছে ৰাইজৰ ।

নলবাৰীৰ টিহুত পুনৰ বানৰ তাণ্ডৱ

উল্লেখ্য় যে, এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ বানপানীয়ে প্লাৱিত কৰিছে নলবাৰীৰ বৰমা সমষ্টিৰ মহাজনপাৰা, উত্তৰ বালি, পামৈপাৰা, কহৈতাপাৰা, শিয়ালমাৰী, বালি, হাৰিভাঙ্গা, দহকাউনীয়া, কাহাৰপাৰাকে ধৰি কেইবাখনো গাঁও । প্ৰায় 15 দিন পূৰ্বে এই তিনিটা স্থানত মৰাপাগলদিয়া নৈৰ বাঢ়নী পানীৰ ফলত মথাউৰি ছিঙি 20 খনৰো অধিক গাঁৱৰ কৃষিজীৱি লোকৰ বিলাই বিপত্তি নোহোৱা কৰাৰ পিছত পুনৰ সেই মথাউৰিৰে পানী সোমোৱাৰ ফলত পুনৰবাৰ আলৈ-আথানি হৈছে অঞ্চলবাসীৰ ।

পথাৰত হাল বোৱা আৰু কঠিয়া সিঁচাৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতে পুনৰ মৰাপাগলদিয়া নদীৰ বাঢ়নী পানীয়ে কৃষকসকলৰ সপোনবোৰ ধুই পোখালি লৈ যায় । এই বানৰ ফলত দৰিদ্ৰ কৃষকসকলে এতিয়া মূৰে-কঁপালে হাত দিবলগীয়া হৈছে ।

ইফালে, শনিবাৰে বিধায়ক মনেশ্বৰ ব্ৰহ্মই বৰমা সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰী, উত্তৰ বালি, মহাজনপাৰা, কহৈতাপাৰা আদি বানে ধোৱা অঞ্চলসমূহ পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : জলমগ্ন গোলাঘাট জিলাৰ শতাধিক গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.