ETV Bharat / state

Flood in Nalbari : মাক্ৰাপাৰাত ছিগিল মৰা পাগলদিয়াৰ মথাউৰি

শুকুৰবাৰে নিশা আকস্মিকভাৱে অহা বানত একপ্ৰকাৰ শংকিত হৈ পৰে টিহু অঞ্চলৰ মাক্ৰাপাৰাবাসী ৷ মৰা পাগলদিয়াৰ বানে ছিগি পেলায়(First flood of monsoon broke embankment at makrapara) অঞ্চলটোত থকা একমাত্ৰ মথাউৰিটো ৷

first-flood-of-monsoon-broke-embankment-at-makrapara-nalbari
মৰা পাগলদিয়াৰ বানৰ তাণ্ডৱ
author img

By

Published : May 14, 2022, 1:22 PM IST

নলবাৰী, 14 মে’ : প্ৰতিবছৰৰ দৰে এইবেলিও বাৰিষাৰ প্ৰথমটো বানত বুৰ গৈছে নলবাৰীৰ পশ্চিম প্ৰান্তৰ ভিন্ন এলেকা ৷ শুকুৰবাৰে নিশা আকস্মিকভাৱে অহা বানত একপ্ৰকাৰ শংকিত হৈ পৰে টিহু অঞ্চলৰ মাক্ৰাপাৰাবাসী ৷ মৰা পাগলদিয়াৰ বানে ছিগি পেলায়(First flood of monsoon broke embankment at makrapara) অঞ্চলটোত থকা একমাত্ৰ মথাউৰিটো ৷

জানিব পৰা মতে, যোৱা বছৰো একে ঠাইতে ছিগিছিল এই মথাউৰিটো ৷ বিভাগীয় কৰ্তৃপক্ষই বাৰিষাৰ পূৰ্বে মথাউৰিটোৰ মেৰামতিৰ লগতে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও সেয়া সম্পূৰ্ণ হোৱা নাছিল ৷ পুনৰবাৰ শুকুৰবাৰে একে ঠাইতে বলীয়া বানে ছিগি পেলায় মথাউৰিটো ৷

লগতে চাওক: Flood in Lakhimpur : বানৰ কৱলত লখিমপুৰৰ বিভিন্ন অঞ্চল

নিৰ্মীয়মান মথাউৰিটো ছিগি হোৰাহোৰে অঞ্চলটোলৈ সোমাই আহে বাঢ়নী পানী ৷ বানে বুৰাই পেলাইছে বৃহত্তৰ অঞ্চলটোৰ কৃষিভূমি ৷ যাৰ বাবে শংকিত হৈছে অঞ্চলটোৰ ৰাইজ ৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশাৰে পৰা হোৱা মূষলধাৰ বৰষুণৰ বাবে ভূটানৰ পৰা নামি অহা বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মৰা পাগলদিয়াত ৷ যাৰ বাবে পশ্চিম নলবাৰীৰ মাক্ৰাপাৰা অঞ্চলটো বানৰ কবলত পৰে ৷

মাক্ৰাপাৰাত ছিগিল মৰা পাগলদিয়াৰ মথাউৰি

স্থানীয় লোকে অভিযোগ উত্থাপন কৰা অনুসৰি, পূৰ্বতেও এই মথাউৰি পুনৰ নিৰ্মাণৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনাইছিল অঞ্চলবাসীয়ে ৷ কিন্তু তেওঁলোকৰ অনুৰোধক উপেক্ষা কৰি বিভাগীয় কৰ্তৃপক্ষই পালন কৰিছিল মৌন ভূমিকা ৷

মাথো বাৰিষা আৰম্ভ হোৱাৰ পূৰ্বেহে গা লৰিছিল জলসিঞ্চন বিভাগৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে কিছুদিন পূৰ্বৰ পৰাহে এই মথাউৰিটো মেৰামতিৰ লগতে পুনৰ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছিল বুলি স্থানীয় লোকে সদৰি কৰে ৷

লগতে চাওক: নলবাৰীত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ হাই মাষ্ট লাইট উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.