নলবাৰী,27 এপ্ৰিল: নলবাৰীৰ হোম আইছ’লেচনত থকা প্ৰথম গৰাকী কৰ'ণা ৰোগীৰ মৃত্যু ৷ ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সানেকুছি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত লৰমা বটাকুছি গাঁৱৰ মজিবৰ ৰহমান নামৰ লোকজনৰ দেহত তিনিদিন পূৰ্বে কৰ'ণাৰ উপস্থিতি ধৰা পৰিছিল ৷

তিনিদিন পূৰ্বে লোকজনৰ লগতে পত্নীৰ দেহতো ধৰা পৰিছিল কৰ'ণাৰ উপস্থিতি ৷ লগে লগে স্বাস্থ্য বিভাগে দুয়ো গৰাকীকে হোম আইছ'লেচনত থকাৰ নিৰ্দেশ দিয়ে ৷ নিৰ্দেশমৰ্মে দুয়ো গৰাকীয়ে আইছ'লেচনত থাকে ৷ মঙলবাৰে দুপৰীয়া পেচাত ব্যৱসায়ী মজিবৰ ৰহমানৰ মৃত্যু ঘটে ৷ অৱশ্যে মৃত লোকজনৰ শেষকৃত্যৰ ব্যৱস্থা প্ৰশাসনৰ উপস্থিতিত কৰা হৈছে ৷
লগতে পঢ়ক: বিহমাৰী সাপ্তাহিক বজাৰত ক'ভিডৰ নীতি উলংঘা