ETV Bharat / state

ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান - ৰামপুৰৰ চ‘ক বজাৰ

ৰামপুৰৰ চ‘ক বজাৰৰ ব্যৱসায়িক এলেকাত অগ্নিকাণ্ড। জুইত জাহ যায় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দল।

fire broke out at mukalmua
fire broke out at mukalmua
author img

By

Published : Oct 26, 2020, 5:12 PM IST

নলবাৰী, 26 অক্টোবৰ : মুকালমুৱাৰ ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড। ৰামপুৰৰ চ‘ক বজাৰৰ ব্যৱসায়িক এলেকাত সংঘটিত হয় অগ্নিকাণ্ড। জুইত জাহ যায় চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। চত্তাৰ আলীৰ গডৰেজ-আলমিৰাৰ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ। লগতে চম্পক বৈশ্য নামৰ লোকজনৰ চাহ দোকান, লক্ষ্য বৰ্মনৰ চেণ্ডেলৰ দোকান আৰু আলী চান্দৰ সাৰৰ দোকান ভস্মীভূত হয় জুইত ।

ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান

অগ্নিকাণ্ডৰ ফলত ৰামপুৰৰ সমগ্ৰ আকাশ ক'লা ধোৱাৰে ছানি ধৰিছে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ বহু পলমকৈ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। পলমকৈ হ'লেও অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ গাড়ী উপস্থিত হোৱাত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলবাসী ৷

লগতে পঢ়ক : তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.