ETV Bharat / state

অমিত শ্বাহৰ আগমণৰ প্ৰাক্ ক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন - ৰাইজ দল

অখিল গগৈৰ মুক্তিৰ দাবীৰে নলবাৰীত ৰাইজ দলৰ 24 ঘন্টীয়া অনশন ৷ শতাধীক দলীয় কৰ্মীৰ অংশগ্ৰহণ ৷

অমিত শ্বাহৰ আগমণৰ প্ৰাকক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

author img

By

Published : Jan 24, 2021, 7:29 AM IST

নলবাৰী,24 জানুৱাৰী : অখিল গগৈৰ মুক্তিৰ দাবীত নলবাৰীত অনশনত বহিল ৰাইজৰ দল ৷ উল্লেখযোগ্য যে, দেওবাৰে নলবাৰীলৈ আহিব ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বিজেপিৰ বিজয় সংকল্প সমাৰোহত অংশ গ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে তাৰ পূৰ্বে অখিল গগৈৰ মুক্তিৰ দাবীত শনিবাৰৰ বিয়লি 5 বজাৰ পৰা দেওবাৰৰ বিয়লি 5 বজালৈ 24 ঘন্টীয়া অনশন কাৰ্যসূচীত বহিছে ৰাইজৰ দল । জিলাখনৰ খনৰ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত অনশত বহে ৰাইজৰ দলৰ শতাধিক কৰ্মী ৷

অমিত শ্বাহৰ আগমণৰ প্ৰাকক্ষণত নলবাৰীত ৰাইজৰ দলৰ অনশন

দেখা গৈছে যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ আগমণৰ পূৰ্বে বিভিন্ন জাতীয় দল সংগছনে ইয়াৰ বিৰোধিতা জনাইছে ৷ দেওবাৰে প্ৰথমে, কোকৰাঝাৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ তাৰ পৰা উভতি আহি নলবাৰীত জনতাক সম্বোধন কৰিব তেওঁ ৷ শনিবাৰে নিশা নলবাৰীত জিলাত 144 ধাৰা জাৰী কৰা হৈছিল যদিও তাৰ মাজতো অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজৰ দলে ৷

লগতে পঢ়কঃ আৰ জে ডিৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱক দিল্লী এইমছত ভৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.