ETV Bharat / state

Jayanta Malla Baruah in Nalbari : ধান ক্ৰয় কৰা দালালৰূপী ব্যৱসায়ীক সকিয়নী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ - সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত

‘‘কৃষকৰ খবৰ নোলোৱা গ্ৰাম সেৱকক বৰ্খাস্ত কৰা হ’ব ৷ সেয়ে সকলোৱে নিজৰ নিজৰ দায়িত্ব সততাৰে পালন কৰক ৷’’ নলবাৰীত ধান ক্ৰয় কৰা দালাল ৰূপী ব্যৱসায়ীক মঙলবাৰে এনেদৰে সকিয়নী দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah in Nalbari) ৷ ভিন্ন প্ৰান্তত কম দামত কৃষকৰ পৰা ধান ক্ৰয় কৰা ব্যৱসায়ীৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Farmers Awrness Program held in Nalbari
কাৰ্যালয়ত চকীত বহি থাকিলেই নহ’ব : জয়ন্ত মল্ল বৰুৱা
author img

By

Published : Dec 27, 2022, 11:00 PM IST

কাৰ্যালয়ত চকীত বহি থাকিলেই নহ’ব : জয়ন্ত মল্ল বৰুৱা

নলবাৰী, ২৭ ডিচেম্বৰ : ‘‘কম মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰা ব্যৱসায়ীক জেলত ভৰোৱাৰ ব্যৱস্থা কৰা হৈছে ৷ আনকি কৃষকৰ খবৰ নোলোৱা গ্ৰাম সেৱকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব ৷’’ মঙলবাৰে নলবাৰীত আয়োজিত কৃষক সজাগতা সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah in Nalbari) ৷

নলবাৰীত ধান ক্ৰয় কৰা দালাল ৰূপী ব্যৱসায়ীক সকিয়নী দি মন্ত্ৰী বৰুৱাই কয়, ‘‘কাৰ্যালয়ত চকীত বহি থাকিলেই নহ’ব । গ্ৰাম সেৱকে প্ৰতিজন কৃষকৰ ঘৰে ঘৰে গৈ বুজ ল’ব লাগিব খেতিয়কৰ দুখ তথা অভাৱ-অভিযোগ । কৃষকৰ অভাৱ অভিযোগ দূৰ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই অনাগত সময়ত বিহিত ব্যৱস্থা ল’ব’’ ৷

উল্লেখ্য যে, মঙলবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ হৰিমন্দিৰৰ প্ৰাংগনত জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত লগতে NAFED ৰ সহযোগত কৃষকসকলৰ ওপৰত এক সজাগতা সভাৰ আয়োজন কৰা হয় (Farmers Awrness Program held in Nalbari) । উক্ত সভাত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণৰ আৰম্ভণিতে ধান ক্ৰয় কৰা ব্যৱসায়ীৰ বিৰুদ্ধে কিছু মন্তব্য প্ৰদান কৰে ৷ গাঁৱত কোনো দালালৰূপী ব্যৱসায়ী সোমালে লগে লগে মন্ত্ৰীগৰাকীক কিম্বা জিলা প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনায় ।

লগতে জিলাখনৰ ভিন্ন প্ৰান্তত কম দামত কৃষকৰ পৰা ধান ক্ৰয় কৰা ব্যৱসায়ীৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ আনকি ধান ক্ৰয় কৰা ব্যৱসায়ীসকলৰ গাড়ীবোৰো জব্দ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । চৰকাৰৰ বিভিন্ন স্তৰত থকা যোগান বিভাগৰ ধান ক্ৰয় কৰা বিষয়াৰ ওচৰত কৃষকসকলক উচিত মূল্যৰ ব্যৱধানত ধান বিক্ৰী কৰিবলৈ আহ্বান জনাই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক : Constituency Delimitation in Assam : 20 বছৰ পুৰণি তথ্যৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ অযুক্তিকৰ: দেৱব্ৰত শইকীয়া

প্ৰতি কুইন্টল ধানৰ মূল্য ২০৪০ টকাৰ বিপৰীতে অসাধু ধান ব্যৱসায়ীয়ে যদি কম মূল্যত ধান ক্ৰয় কৰে, তেন্তে বিভাগীয় বিষয়াক ধান বিক্ৰেতা আৰু কিনোতাৰ ওপৰতো বিহিত ব্যৱস্থ ল’বলৈ প্ৰশাসনক আহ্বান জনায় । লগতে ধানৰ অসাধু ব্যৱসায়ীৰ লগত জড়িত বিষয়াক আজিৰে পৰা তেনে কৰ্মৰ পৰা বিৰত থাকিবলৈ তেওঁ আহ্বান জনায় । অন্যথা চাকৰিৰ পৰা বৰ্খাস্ত হ’ব লাগিব বুলিও এক প্ৰকাৰে সকিয়নী প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

প্ৰতিজন গ্ৰাম সেৱককে সপ্তাহত ১০০ জন কৃষকৰ অভাৱ অভিযোগ দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । নলবাৰীত যিসকল কৃষকে সৰ্বাধিক ধান বিক্ৰী কৰিব সেইসকল কৃষকক চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা প্ৰথম আৰু দ্বিতীয়কৈ ১০,০০০ আৰু ৫,০০০ টকাৰ লগতে সম্বৰ্দ্ধনাৰে ৰাজহুৱা মঞ্চত পুৰষ্কৃত কৰা হ’ব বুলিও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । এইবেলি নলবাৰী জিলাৰ পৰা মুঠ সাতটাকৈ চৰকাৰৰ ধান ক্ৰয় কৰা শাখাই ২৭,০০০ মেট্ৰিক টন ধান কৃষকৰ পৰা ক্ৰয় কৰিব বুলি তেওঁ উল্লেখ কৰে ।

আনহাতে, সমষ্টি পুনৰনিৰ্ধাৰণৰ ক্ষেত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে (Constituency Delimitation in Assam) ৷ এই সন্দৰ্ভত তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ এই পদক্ষেপক বিজেপিয়ে আদৰণি জনাইছে । সমষ্টি পুনৰ নিৰ্ধাৰণ ২০০১ চনৰ লোকপিয়লৰ ভিত্তিবৰ্ষৰ ক্ষেত্ৰত ২০০৭/৮ চনতেই হ’ব লাগিছিল বুলিও তেওঁ উল্লেখ কৰে । যিটো আঠ দহ বছৰ পলম হোৱা বুলি ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

উল্লেখ্য যে, উক্ত সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপৰিও মঙলদৈ লোকসভাৰ সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত গীতিমণি ফুকন, জিলা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধি, জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, বিজেপি জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা , বিজেপিৰ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক : Constituency Delimitation in Assam: সমষ্টি পুনৰনিৰ্ধাৰণক লৈ আশাবাদী বিজেপি: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.