ETV Bharat / state

পিতা-পুত্ৰ বিশেষভাৱে সক্ষম হোৱাৰ পিচতো বঞ্চিত চৰকাৰী আঁচনিৰ পৰা

author img

By

Published : Sep 2, 2022, 8:13 PM IST

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা পৰিয়াল ৷ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবে চৰকাৰী সাহায্যৰ পৰা আজিও বঞ্চিত হৈ থকাৰ অভিযোগ তৰিছে বিশেষভাৱে সক্ষম দীপক তালুকদাৰে (Deprived of government schemes) ৷

Family in Nalbari accused of being deprived of government schemes
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ

নলবাৰী, 2 ছেপ্টেম্বৰ : নলবাৰী জিলাৰ বৰক্ষেত্ৰীত চলিছে এতিয়া লুণ্ঠনৰাজ ৷ যোগ্য ব্যক্তিয়ে পোৱা নাই চৰকাৰী সাহায্য (Deprived of government schemes) ৷ একাংশ বিষয়া-কৰ্মচাৰীৰ লগতে জনপ্ৰতিনিধিয়েও শোষণ কৰি গৈছে দুখীয়া-দৰিদ্ৰ লোকৰ তেজ ৷ এই অভিযোগ বৰক্ষেত্ৰীৰ একাংশ লোকৰ ৷

কিয়নো MGNREGA ৰ লগতে PMAYG গৃহ আৱন্টন দিয়াৰ নামত অঞ্চলটোত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ এগৰাকী বিশেষভাৱে সক্ষম ব্যক্তিয়ে চৰকাৰী আঁচনি বিচাৰি পঞ্চায়ত প্ৰতিনিধিৰ লগতে বিষয়া-কৰ্মচাৰীৰ ঘৰৰ দুৱাৰে দুৱাৰে ঘূৰি আজি পৰ্যন্ত নাপালে কোনো চৰকাৰী কোনো অনুদান ৷ ব্যক্তিগৰাকীৰ নাম দীপক তালুকদাৰ ৷

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ

কেৱল দীপক তালুকদাৰেই নহয়, তেওঁৰ বিশেষভাৱে সক্ষম পুত্ৰয়ো আজিকোপতি লাভ কৰা নাই চৰকাৰী সাহায্য ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰিছে বিশেষভাৱে সক্ষম দীপক তালুকদাৰ আৰু তেওঁৰ পত্নীয়ে ৷ অভিযোগ অনুসৰি, কেৱল নিৰ্বাচন বা ভোটৰ তাগিদাতহে দমদমা গাঁৱৰ এই পৰিয়ালটোৰ কাষলৈ আহে জনপ্ৰতিনিধি ৷

পাৰ পালেই সকলো পাহৰি যায় বিশেষভাৱে সক্ষম দীপক তালুকদাৰৰ পৰিয়ালটোক ৷ আনকি স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়ত কৰ্তৃপক্ষই চূড়ান্তভাৱে এই পৰিয়ালটোক অন্যায় কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে বিশেষভাৱে সক্ষম দীপক তালুকদাৰে ৷ কিয়নো প্ৰতিবাৰেই এই পৰিয়ালটোৰ নামত পঞ্চায়তৰ দ্বাৰা আৱন্টন হয় চৰকাৰৰ বিভিন্ন আঁচনি ৷

কিন্তু মধ্যভোগীৰ হাতত পৰি সকলো আধাতে নোহোৱা হৈ যায় ৷ যাক লৈ এতিয়া সংবাদ মাধ্যৰ জৰিয়তে ক্ষোভ ব্যক্ত কৰিছে বিশেষভাৱে সক্ষম দীপক তালুকদাৰৰ পত্নীয়ে ৷

লগতে পঢ়ক : চৰকাৰী গৃহৰ বাবে বিধায়ক নুৰুল হুদাৰ কাষ চাপিল বিশেষভাৱে সক্ষম এগৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.