কলিয়াবৰ,5 মাৰ্চঃ কলিয়াবৰৰ চুলুঙত আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী ৷ সোণ বিক্ৰী কৰিবলৈ আহোতেই চুলুঙ আৰক্ষীয়ে অভিযান চলাই কলিয়াভোমোৰা সেঁতুৰ সমীপতে আটক কৰে নকল সোণ ব্যৱসায়ীজনক ৷ ধৃত ব্যৱসায়ীজনৰ নাম আফাজ উদ্দিন ৷ আফাজ উদ্দিনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় এক কিল’গ্ৰাম ওজনৰ তিনিটা নকল সোণৰ বিস্কুট ৷
আনহাতে আটকাধীন আফাজ উদ্দিনৰ লগত আহিছিল উচন আলি নামৰ আন এজন সহযোগী ৷ আৰক্ষীৰ অভিযানকালত পলায়ন কৰিবলৈ সক্ষম সহযোগী উচন আলি ৷ তেজপুৰৰ ন-পামৰ কোৰকনি বস্তিৰ পৰা নকল সোণ বিক্ৰী কৰিবলৈ কলিয়াবৰলৈ আহিছিল এই দুই দুৰ্বৃত্ত ৷
লগতে পঢ়ক-20 মাৰ্চৰ পুৱা 5.30 বজাঃ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে নতুন সময় ঘোষণা আদালতৰ