নলবাৰী,২২ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক দলে প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ সূচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলাইছে নিৰ্বাচনী আয়োগে । আয়োগৰ নিৰ্দেশমৰ্মে নিৰ্বাচনৰ কামত নিয়োজিত বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । সোমবাৰে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ৫৯ নং নলবাৰী আৰু তৃতীয় পৰ্যায়ত ৬০ নং বৰক্ষেত্ৰী আৰু ৬১ নং ধৰ্মপুৰ সমষ্টিৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বাবে নিযুক্ত ছেক্টৰ বিষয়া আৰু জ'নেল বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । ৫৯ নং নলবাৰী সমষ্টিৰ বাবে নিয়োজিত ৩২ গৰাকী ছেক্টৰ বিষয়া আৰু ৬ গৰাকী জ'নেল বিষয়াই প্ৰশিক্ষণ গ্ৰহণ কৰে । আনহাতে, ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ২৮ গৰাকী ছেক্টৰ বিষয়া আৰু ৫ গৰাকী জ'নেল বিষয়াক জিলা পৰিষদৰ সভাকক্ষত প্ৰশিক্ষণ প্ৰদান কৰা হয় ।
ছেক্টৰ আৰু জ'নেল বিষয়াসকলে প্ৰশিক্ষণ গুৰুত্ব সহকাৰে গ্ৰহণ কৰি নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে অনুষ্ঠিত কৰাত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰে ৬১ নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ৰাজেশ শৰ্মাই । লগতে তেওঁ COVID-১৯ ৰ ভয়াৱহতা সম্পূৰ্ণৰূপে নাইকীয়া হোৱা নাই বুলি উল্লেখ কৰি মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে নিৰ্ধাৰিত নিয়মসমূহ মানি চলিবলৈ সকলোকে আহ্বান জনায় ।
৫৯ নং নলবাৰী সমষ্টিৰ সাধাৰণ পৰ্যবেক্ষক আজিমুল হকে সমষ্টিটোৰ ছেক্টৰ আৰু জ'নেল বিষয়াসকলক এই প্ৰশিক্ষণ কাৰ্যতঃ ফলপ্ৰসূ কৰিবলৈ আহ্বান জনায় । বিয়লিৰ ভাগত ৬০ নং বৰক্ষেত্ৰী সমষ্টিৰ ছেক্টৰ আৰু জ'নেল বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হয় । এই প্ৰশিক্ষণৰ তদাৰক কৰে জিলা উন্নয়ন আয়ুক্ত অভিজিৎ সিন্হা আৰু অতিৰিক্ত উপায়ুক্ত ফিৰডৌচ আলম শ্বেইখে । ড৹ গৌতম কুমাৰ সন্দিকৈ, ড৹ ধীৰাজ তালুকদাৰ, ড৹ নৱজ্যোতি ডেকা আৰু ড৹ হেমেন কাকতিয়ে বিষয়াসকলক প্ৰশিক্ষণ দিয়ে ।
লগতে পঢ়ক: যুৱ ব্যৱসায়ী আকাশ কালোৱাৰৰ দেহাৱসান