ETV Bharat / state

নলবাৰীত সহস্ৰাধিক লোকে সম্পন্ন কৰিলে ঈদ-উল-আজহাৰ নামাজ

author img

By

Published : Jul 10, 2022, 11:53 AM IST

আজি পৱিত্ৰ ঈদ-উল-আজহা(Eid al-Adha 2022) । সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মালম্বী লোকসকলেও পালন কৰিছে পৱিত্ৰ ঈদ । ৰাজ্যৰ ভিন্ন প্ৰান্ততত আটক ধুনীয়াকৈ সজাই-পৰাই তোলা ঈদগাহ ময়দানসমূহত সমূহীয়া নামাজ আদায় কৰে ইছলাম ধৰ্মালম্বী লোকসকলে ৷ সমান্তৰালভাৱে লবাৰীতো উখল মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন হয় ঈদ-উল-আজহাৰ সমুহীয়া নামাজ ।

eid celebrated in nalbari
নলবাৰীত সহস্ৰাধিক লোকে সম্পন্ন কৰিলে ঈদ-উল-আজহাৰ নামাজ

নলবাৰী,১০ জুলাই: আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা(Eid al-Adha 2022) ৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম হ’ল ঈদ-উল-আজহা । আটক ধুনীয়াকৈ সজাই পৰাই তোলা ঈদগাহ ময়দানসমূহত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মালম্বী লোকসকলে সম্পন্ন কৰে পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ । নলবাৰীতো এক উখল-মাখল পৰিৱেশৰ মাজেৰে সম্পন্ন কৰে ঈদ উল আজহাৰ সমুহীয়া নামাজ ।

জিলাখনৰ প্ৰতিটো অঞ্চলৰ ঈদগাহ ময়দানত সমুহীয়াকৈ ঈদৰ নামাজ সম্পন্ন কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে । নলবাৰী ঈদ গাহ ময়দানত সহস্ৰাধিক লোকে একেলগে নামাজ আদায় কৰা পৰিলক্ষিত হয় । উল্লেখযোগ্য যে সমাজত শান্তি-সম্প্ৰতি আৰু ভাতৃত্ববোধ ৰখাৰ উদ্দেশ্য চৰকাৰৰ নীতি নিৰ্দেশনাক সম্পূৰ্ন সহাৰি জনায়,চৰকাৰৰ আদেশ মানি এইবেলি নলবাৰীত প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক সকলে ঈদৰ নামাজ সম্পন্ন কৰে ।

পুৱা ৮:৩০ বজাত নলবাৰী চহৰস্থিত ঈদগাহ ময়দানত সমুহীয়া নামাজ সম্পন্ন হয় । বিশ্বশান্তি আৰু ভাতৃত্ববোধেৰে সমাজৰ উন্নয়নৰ হকে আল্লাহৰ ওচৰত মুকলি দোৱা কৰে লোকসকলে ।

লগতে পঢ়ক: Eid celebration: আজি দেশজুৰি পালন ঈদ-উজ-জুহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.