ETV Bharat / state

বিজয় সংকল্প সমাৰোহৰ পূৰ্বে নলবাৰীত সোণোৱাল-শ্বাহৰ প্ৰতিকৃতি দাহ

দেওবাৰে ৰাতিপুৱা নলবাৰী জিলাৰ ডাংগুৱাপাৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

author img

By

Published : Jan 24, 2021, 12:42 PM IST

effigy-burn-bjp
নলবাৰীত বিজেপিৰ আপৰাজয় সংকল্প যাত্ৰা : KMSS

নলবাৰী, 24জানুৱাৰী : শনিবাৰে অসমত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী অসমত উপস্থিত হোৱাৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছে প্ৰতিবাদৰ ঢৌ ৷ আজি অৰ্থাৎ দেওবাৰে নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প সমাৱেশত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে নলবাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ দেওবাৰে ৰাতিপুৱা নলবাৰী জিলাৰ ডাংগুৱাপাৰাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

নলবাৰীত বিজেপিৰ পৰাজয় সংকল্প যাত্ৰা : KMSS

ভাৰতীয় জনতা পাৰ্টীৰ বিজয় সংকল্প সমাৱেশ নহয়, এয়া বিজেপিৰ পৰাজয় সংকল্প যাত্ৰা বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ অতি সোনকালে বিনা চৰ্তে কৃষক নেতা অখিল গগৈক মুক্তি প্ৰদান কৰাৰ লগতে নাগৰিকত্ব সংশোধনী আইন অতি সোনকালে বাতিল কৰিবলৈ সকীয়নী প্ৰদান কৰাৰ লগতে বিজয় সংকল্প সমাৱেশত অমিত শ্বাহক আমন্ত্ৰিত কৰি ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন আঁচনিৰ ভুৱা প্ৰতিশ্ৰুতি দি ৰাইজক আভুৱা ভাৰিবলৈ এক অপৰাজয় সংকল্প সমাৱেশহে আয়োজিত কৰিছে বুলিও মন্তব্য কৰিছে নলবাৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়ক : আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.