ETV Bharat / state

Drugs seized at Nalbari: মুকালমুৱাৰ ঘোগাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

author img

By

Published : Nov 1, 2022, 9:04 PM IST

নলবাৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী (Drug dealers arrested in Nalbari) ৷ মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ । ড্ৰাগছ সৰবৰাহকাৰীটোৱে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ।

Drugs seized at Nalbari
মুকালমুৱাৰ ঘোগাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নলবাৰী,১ নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Anti drugs operation in Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে গ্ৰেপ্তাৰ হৈছে ড্ৰাগছ সৰবৰাহকাৰী । আৰক্ষী কঠোৰ হৈছে যদিও বৰ্তমানেও সমাজৰ পৰা আঁতৰ হোৱা নাই নৱপ্ৰজন্মৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় ৷ শেহতীয়াকৈ নলবাৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী (Drug dealers arrested in Nalbari) ৷

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত ঘোগাত এটা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Drugs paddler arrested at Mukalmuwa)। ঘটনাৰ বিৱৰণী অনুসৰি মুকালমুৱাৰ আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে ঘোগাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহটোক ।

ধৃত ড্ৰাগছ সৰবৰাহটোৰ নাম চফিকুল ইছলাম বুলি জানিব পৰা গৈছে । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে নিচাজাতীয় টেবলেটসহ নগদ ১৩ হাজাৰ টকা জব্দ কৰে । উল্লেখ্য় যে চফিকুল ইছলামে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল । ইপিনে, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনক আৰু অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে ।

আনহাতে, মুকালমুৱাৰ চান্দা চৰত গৰু চোৰৰ উপদ্ৰৱ ৷ একে নিশাই গোহালিৰ পৰা চোৰে লৈ গ'ল ৬ টাকৈ গৰু (Thieves stolen 6 cows) ৷ দেওবাৰে নলবাৰীৰ মুকালমুৱা চান্দা চৰত গৰু চুৰিকাণ্ড সংঘটিত হয় ৷ মুকালমুৱাৰ ধৰম আলী নামৰ লোকজনৰ চৰত থকা গোহালিৰ পৰা ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ৬ টাকৈ গৰু চুৰি কৰি উধাও হয় (Cow Thief at Mukalmua) ৷ গোহালিৰ বেৰ কাটি চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড। চুৰিকাণ্ড সংঘটিত কৰা গৰু ৬ টাৰ মূল্য প্ৰায় আঢ়ৈ লাখ টকা ৷ এই ঘটনাৰ উচিত তদন্ত বিচাৰি ভুক্তভোগীয়ে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

লগতে পঢ়ক;Assam New Wine Shop License: নতুন ৱাইন শ্বপৰ জৰিয়তে বছৰি তিনি হাজাৰ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.