নলবাৰী, 13জুন : বৰবিহ ড্ৰাগছৰ কৰাল গ্ৰাসত ৰাজ্যৰ যুৱ-প্ৰজন্ম ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যত প্ৰতিদিনে উচ্ছেদ হৈ আহিছে নিচাযুক্ত দ্ৰব্যৰ ঘাটিৰ লগতে আটক হৈছে বহুকেইজন ড্ৰাগছ আসক্ত তথা সৰবৰাহকাৰী ৷ ক্ৰমাৎ যেন ভয়াৱহ দিশে গতি কৰিছে যুৱ-প্ৰজন্ম ৷
ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই বহু যুৱকে বিভিন্ন অপৰাধ তথা অসৎ উপায় অৱলম্বন কৰাৰ বাতৰি সম্প্ৰচাৰ হৈ থকাৰ মাজতে নলবাৰীত ঘটিল আন এক ঘটনা ৷ নলবাৰী জিলাৰ সন্ধেলী গাঁৱৰ বীৰেন ডেকা নামৰ নিচাসক্ত যুৱকজনে দীৰ্ঘ দিন ধৰি ঘৰৰ লগতে সমগ্ৰ অঞ্চলটোতে উদ্ভণ্ডালি কৰি আহিছে ৷
আনদিনাৰ দৰে দেওবাৰেও যুৱকজনে ড্ৰাগছ সেৱন কৰিবলৈ টকা নাপাই পুৱাৰে পৰাই ৰাস্তালৈ ওলাই আহি উদ্ভণ্ডালি চলাই ৰাইজক অতিষ্ঠ কৰি তোলাৰ লগতে ধন নিদিয়া বাবেই মাতৃকো প্ৰহাৰ কৰে ৷ যুৱকজনৰ উদভণ্ডালিত অতিষ্ঠ হৈ স্থানীয় ৰাইজে আৰক্ষী অধীক্ষকক খবৰ দিয়াত আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱা ঘটনাস্থলীৰ পৰা যুৱকজনে পলায়ন কৰে ৷ কিন্তু আৰক্ষীৰ লোক উভতি যোৱাৰ পাচতে পুনৰ যুৱকজনে ৰাস্তালৈ ওলাই আহি স্থানীয় লোকৰ লগত কাজিয়াত লিপ্ত হয় ৷
লগতে পঢ়ক: নগাঁৱত পিষ্টলসহ এজনক আটক