ETV Bharat / state

নলবাৰী জীৱনৰ লক্ষ্য, আৰু ব্যক্তিত্ব বিকাশ সন্দৰ্ভত আলোচনা সভা

author img

By

Published : Feb 27, 2021, 5:50 PM IST

ধৰ্মপুৰ বিকাশ মঞ্চৰ বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা সভাত উপস্থিত বিশিষ্ট অনুবাদক দিগন্ত বিশ্ব শৰ্মা ৷ জীৱনৰ লক্ষ্য, শিক্ষাৰ তাৎপৰ্য আৰু ব্যক্তিত্ব বিকাশ ওপৰত বিস্তৃত বাখ্যা আগবঢ়াই দিগন্ত বিশ্ব শৰ্মাই ।

নলবাৰীত বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা সভা

নলবাৰী, ২৭ ফেব্ৰুৱাৰী : শনিবাৰে নলবাৰী জিলাৰ কৈঠালকুছিৰ ৰূপকোঁৱৰ কলা পৰিষদত ধৰ্মপুৰ বিকাশ মঞ্চৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় । এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অনুবাদক দিগন্ত বিশ্ব শৰ্মা । জীৱনৰ লক্ষ্য, শিক্ষাৰ তাৎপৰ্য আৰু ব্যক্তিত্ব বিকাশ ওপৰত বিস্তৃত বাখ্যা আগবঢ়াই দিগন্ত বিশ্ব শৰ্মাই কয় যে জীৱনৰ লক্ষ্য হ’ব লাগে অপৰিসীম ৷ এই সন্দৰ্ভত বিশিষ্ট অনুবাদকগৰাকীয়ে বালক নাচিকেটাৰ জীৱন বৃত্তান্তৰ ওপৰত আলোকপাত কৰি দৰ্শকক আপ্লুত কৰে ৷

এই সভাতে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাই সুমধুৰ বাঁহী বাদনৰে সকলোক মোহাচ্ছন্ন কৰে ৷ সভাত কেইবাগৰাকী বিশিষ্ট সাহিত্যক, শিক্ষাবিদ, সংগীত শিল্পী আৰু সমাজকৰ্মীক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ লগতে আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মা আৰু সংগীত শিল্পী উমেশ দত্তৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয় ৷ সভাৰ পূৰ্বে সভাৰ উদ্দেশ্য বাখ্যা আগবঢ়াই ধৰ্মপুৰ বিকাশ মঞ্চৰ সভাপতি জোৰ্তিময় শৰ্মাই ৷ উক্ত সভাত উপস্থিত থাকে অৱসৰী অসম অসামৰিক সেৱা বিষয়া যাদৱ চন্দ্ৰ চক্ৰৱৰ্তীৰ লগতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰাঞ্জল বৰ্মন ।

লগতে পঢ়ক: টীয়কত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.