নলবাৰী, 30 জুন: বিমান ৰয়ৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে ৷ সকলো সাক্ষ্য, প্ৰমাণ গ্ৰহণ কৰা হৈছে ৷ এই ক্ষেত্ৰত তদন্তকাৰী বিষয়াই বিমান ৰয়ৰ অপৰাধৰ প্ৰমাণ পাইছে ৷ নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হোৱা লজ্জাজনক ঘটনা সন্দৰ্ভত এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ ৷
নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত শুকুৰবাৰে উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং ৷ ইতিমধ্যে ঘগ্ৰাপাৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ঘটনা সন্দৰ্ভত সোধা-পোছা অব্যাহত ৰখাৰ কথা জানিব পৰা গৈছে ৷ ইতিমধ্যে ৰিজাৰ্ভ ক্লজ কৰা ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিশাল কাশ্যপ আহি উপস্থিত হৈছে আৰক্ষী থানাত ৷ নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানা কাণ্ডৰ মূল অভিযুক্ত বিমান ৰয়ক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি মন্তব্য কৰে ডিজিপি জি পি সিঙে ৷ বিশ দিনৰ ভিতৰত বিমান ৰয়ক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জিপি সিঙৰ ঘোষণা ৷
আৰক্ষী সঞ্চলক প্ৰধান গৰাকীয়ে কয় যে, এই দুৰ্ভাগ্যজনক ঘটনাৰ ইতিমধ্যে তদন্ত কৰি থকা হৈছে ৷ তদন্ত প্ৰক্ৰিয়াই যথেষ্ট অগ্ৰগতি লাভ কৰিছে ৷ লগতে এই ঘটনা নিজে নিৰীক্ষণ কৰি তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত কিছু নিৰ্দেশনাও দিয়া হৈছে বুলিও জনায় আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ৷ মুখ্য নিৰ্দেশনা হিচাপে ঘটনা সন্দৰ্ভত যিমানখিনি তথ্য-প্ৰমাণ লাগে সেইখিনি সংগ্ৰহ কৰিব লাগে বুলি কয় সিঙে ৷ তেওঁ লগতে কয় যে, প্ৰায়খিনি কাম হৈছে ৷ ইয়াত বেছি কৰিব লগা নাই ৷ পোন্ধৰ-বিশ দিন তথা এমাহৰ ভিতৰত এই ঘটনা সন্দৰ্ভত চাৰ্জশ্বীট দাখিল কৰিব পাৰিম বুলিও কয় শীৰ্ষ আৰক্ষী বিষয়াজনে ৷
আৰক্ষী বিষয়াগৰাকীয়ে আৰু কয় , অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে থকা অভিযোগ গুৰুতৰ ৷ বৃহস্পতিবাৰে নিশা তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে ৷ আৰক্ষীয়ে অতি শীঘ্ৰেই পলাতক আৰক্ষী বিষয়া বিমান ৰয় গ্ৰেপ্তাৰ কৰিব বুলি আশা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ৷
এই ঘটনা অতিকৈ দুখজনক বুলি মন্তব্য কৰি আৰক্ষী বিষয়াজনে কয় যে, ৰাজ্যৰ সকলো আৰক্ষীকে এই ঘটনাক এক উদাহৰণ হিচাপে লৈ নিজৰ নিজৰ থানা, আউট পোষ্টত সকলোকে সদ ব্যৱহাৰ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে নিৰ্দেশো দিয়া হৈছে বুলি জনায় ৷ তেওঁ লগতে কয় যে, অসম আৰক্ষীয়ে কোনোপধ্যেই মহিলা আৰু শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো এৰাধৰা নকৰে ৷