ETV Bharat / state

ৰোগীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে মাখিবাহাৰ এখন চিকিৎসালয় - ৰোগীৰ প্ৰশংসা

মাখিবাহাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক প্ৰশংসাৰে উপচাই পেলাইছে চেণ্টাৰটোত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকলে ৷ প্ৰতি মুহুৰ্ততে ৰোগীসকলক স্বাস্থ্য পৰীক্ষা কৰি উন্নতমানৰ চিকিৎসা প্ৰদান কৰা আৰু ৰোগীৰ কোঠাসমূহ পৰিস্কাৰ কৰাৰ বাবে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে চিকিৎসালয়খনৰ ক’ভিড চেণ্টাৰটো ৷

covid-patients-praised-to-makhibaha-covid-hospital
মাখিবাহাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক ৰোগীৰ প্ৰশংসা
author img

By

Published : May 17, 2021, 1:04 PM IST

নলবাৰী,17 মে’: নলবাৰী জিলাৰ মাখিবাহাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা ক’ভিড চেণ্টাৰক প্ৰশংসা কৰিছে চেণ্টাৰটোত চিকিৎসাধীন হৈ থকা ক’ভিড ৰোগীসকলে ৷ চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ উদয় শংকৰ মেধিৰ তত্বাৱধানত ডাঃ দ্বীপজ্যোতি পাঠক, ডাঃ দেৱজিত ডেকা, ডাঃ তাপস কলিতা আৰু কেইবাগৰাকী নাৰ্চৰ লগতে চিকিৎসা কৰ্মীসকলে দিনে-নিশাই ক’ভিড ৰোগীসকলক সেৱা আগবঢ়াই অহাৰ লগতে প্ৰতি মুহুৰ্ততে স্বাস্থ্য পৰীক্ষা কৰি উন্নতমানৰ চিকিৎসা প্ৰদান কৰা বুলি ৰোগীৰ পৰা জানিব পৰা গৈছে ।

আনহাতে চিকিৎসালয়খনত প্ৰতি মুহুৰ্ততে ৰোগীৰ কোঠাসমূহ চাফ-চিকুণ কৰাৰ উপৰিও ৰোগীৰ বিচনাসমূহ চাফ-চিকুণকৈ ৰাখিছে চাফাই কৰ্মীসকলে । ক’ভিড ৰোগীসকল সময়মতে উন্নতমানৰ খাদ্যৰ যোগান ধৰাৰ লগতে ৰোগীসকলক কোনো ধৰণৰ অসুবিধাত পৰিবলৈ দিয়া নাই চিকিৎসালয় কৰ্তৃপক্ষই ।

মাখিবাহাৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ক ৰোগীৰ প্ৰশংসা

উক্ত চিকিৎসালয়খনত চিকিৎসাধীন কৰ’ণা ৰোগীসকলে তেওঁলোকৰ বাবে আগবঢ়োৱা সকলো চিকিৎসা ব্যবস্থাক ভূয়সী প্ৰশংসা কৰে । যিসময়ত একাংশ ক’ভিড হাস্পতালৰ বিৰুদ্ধে চিকিৎসকে ৰোগীক অৱহেলা কৰা, সঠিকভাৱে চিকিৎসা নকৰা, ৰোগীৰ কোঠাসমূহ চাফ-চিকুণ নকৰা, ৰোগীক সময়মতে খাদ্যৰ যোগান নধৰা আদি বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে, সেই সময়তে মাখিবাহাস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ে গ্ৰহণ কৰা পদক্ষেপ প্ৰশংসনীয় ।

লগতে পঢ়ক : ক'ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে সাংবাদিক ৰুবুল দিহিঙীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.