ETV Bharat / state

Badruddin Ajmal remarks on Bharat Jodo Yatra: বদৰুদ্দিন আজমলৰ মন্তব্য সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

author img

By

Published : Nov 12, 2022, 10:14 PM IST

Updated : Nov 13, 2022, 10:18 AM IST

আজি সন্ধিয়া নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাশালত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra) । বদৰুদ্দিন আজমলে ভাৰত চোড়ো যাত্ৰা বুলি কোৱা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে(Congress reacts to Badruddin Ajmal remarks) ।

Bharat Jodo Yatra in Assam
বদৰুদ্দিন আজমলে ভাৰত চোড়ো যাত্ৰা কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰা আৰু গৌৰৱ গগৈৰ

নলবাৰী, ১২ নৱেম্বৰ: দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা ৷ বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জন জাগৰণ সৃষ্টিৰ লক্ষ্যৰে তথা দেশবাসীক ঐক্যবদ্ধ কৰিবৰ বাবে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ (Congress leader Rahul Gandhi) নেতৃত্বত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra mass movement started by INC)।

কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত । কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই মুঠ ৩৫৭০ কিলোমিটাৰ পথ সামৰি ল’ব । এই যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত আৰু এই যাত্ৰাৰ অন্তিম সমাৰোহ ২০২৩ বৰ্ষৰ জানুৱাৰীত ৰাজস্থানত অনুষ্ঠিত হ’ব।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam) ৷ অৱশ্যে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীৰ অনুপস্থিতিত হে আৰম্ভ হৈছে । অসমত আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাৰ আজি দ্বাদশ দিন ৷ আজি পুৱা বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কুকাৰপাৰৰ পৰা নলবাৰী জিলালৈ আৰম্ভ হৈছিল পদযাত্ৰা ৷ হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে পদযাত্ৰাত ৷

অৱশেষত সন্ধিয়া নলবাৰীৰ বৰক্ষেত্ৰীৰ দৌলাশালত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা । পদযাত্ৰাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক আব্দুৰ ৰহিম আহমেদ, বিধায়ক আব্দুল বাতেন খন্দকাৰ, বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ লগতে বহুকেইজন কংগ্ৰেছ নেতা ।

পদযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলক আদৰণি জনোৱাৰ বাবে পথৰ কাষে কাষে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা পৰিলক্ষিত হয় ৷ বিশেষকৈ এই কাৰ্যসূচীত জাতিৰ পিতা মহাত্মা গান্ধীৰ বেশভূষাত অংশগ্ৰহণ কৰা এজন লোক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে ।

আনহাতে বদৰুদ্দিন আজমলে ভাৰত চোড়ো যাত্ৰা বুলি কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতি ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে(Badruddin Ajmal remarks on Bharat Jodo Yatra) । ভূপেন বৰাই কয়, "বদৰুদ্দিন আজমলে কি কয় সেইটো ডাঙৰ কথা নহয় । ৰ’দ, বতাহ বৰষুণ সকলো নেওচি কংগ্ৰেছ দলে এই যাত্ৰা সমাপ্ত কৰিব ।"

আনহাতে সাংসদ গৌৰৱ গগৈয়ে কয়,"বদৰুদ্দিন আজমল আৰু AIUDF দল সদায় জনসাধাৰণৰ বিপৰীত (Congress reacts to Badruddin Ajmal remarks)। বিজেপিয়ে যি কয় বদৰুদ্দিন আজমল আৰু AIUDF এ তাকেই কয় ।"

লগতে পঢ়ক: Jakir Hussain Sikdar criticizes AIUDF: কিছুদিন পিছত ইউডিএফৰ নম্বৰেই নাথাকিব: জাকিৰ হুছেইন শিকদাৰ

Last Updated : Nov 13, 2022, 10:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.