ETV Bharat / state

নলবাৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ - নলবাৰীতো জিলা কংগ্ৰেছ

ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে দেওবাৰৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰত থকা পেট্ৰল পাম্পসমূহত ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটি আৰু ব্লক কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । নলবাৰীতো জিলা কংগ্ৰেছৰ পেট্ৰল পাম্পৰ সন্মুখত প্ৰতিবাদ ।

নলবাৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ
নলবাৰীত জিলা কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Feb 22, 2021, 2:51 PM IST

নলবাৰী, ২২ ফেব্ৰুৱাৰী: সমাগত বিধানসভা নিৰ্বাচন । ৰাজনৈতিক নেতা-মন্ত্ৰী নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হোৱাৰ বিপৰীতে ৰাজ্যৰ ঠায়ে-ঠায়ে অব্যাহত প্ৰতিবাদ । অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত অব্যাহত আছে প্ৰতিবাদ । ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

ৰাজ্যিক কমিটিৰ নিৰ্দেশ মৰ্মে, দেওবাৰৰ পৰা তিনিদিনীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰত থকা পেট্ৰল পাম্পসমূহত ভাৰতীয় জাতীয় কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় । নলবাৰীতো জিলা কংগ্ৰেছে ভাৰতীয় টকীজৰ সম্মুখৰ পেট্ৰল পাম্পত সাব্যস্ত কৰে এই প্ৰতিবাদ । সোমবাৰৰ এই প্ৰতিবাদত নলবাৰী জিলাৰ কংগ্ৰেছ কৰ্মীসকলে মূল্যবৃদ্ধি হাই হাই, মোডী চৰকাৰ হাই হাই আদি শ্লোগানেৰে উত্তাল কৰি তোলে ।

লগতে পঢ়ক: মৰিগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.