ETV Bharat / state

ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ মনোনয়ন দাখিল - congress nomination at nalbari

নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে শুকুৰবাৰে মনোনয়ন দাখিল কৰে । নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বৰপেটাৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ।

ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ মনোনয়ন দাখিল

author img

By

Published : Mar 19, 2021, 5:19 PM IST

নলবাৰী,১৯ মাৰ্চ: নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে শুকুৰবাৰে মনোনয়ন দাখিল কৰে । নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বৰপেটাৰ কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ।

মনোনয়ন পত্ৰ দাখিল কৰি প্ৰাৰ্থী ৰাতুল পাটোৱাৰীয়ে বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত প্ৰতিদ্বন্দিতা হ'ব বুলি দাবী কৰাৰ লগতে তেওঁ কয় যে এইবাৰ ৩৫ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হ'ব কংগ্ৰেছ । তেওঁ জয়ী হ'লে ধৰ্মপুৰ সমষ্টিত উদ্যোগ স্থাপনৰ পৰিকল্পনা কৰা হ'ব বুলি কোৱাৰ লগতে দুখন বিজ্ঞান শাখাৰ মহাবিদ্যালয় স্থাপন কৰি শিক্ষাৰ্থী সকলৰ সমস্যা সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে । ইফালে সমষ্টিটোৰ যুৱক-যুৱতী সকলক চাকৰিমুখী কৰাৰ পৰিৱৰ্তে স্ব-নিৰ্ভৰশীল কৰি তোলাতো গুৰুত্ব দিয়া হ'ব বুলি মন্তব্য কৰে ।

ধৰ্মপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাতুল পাটোৱাৰীৰ মনোনয়ন দাখিল

সমান্তৰালকৈ মনোনয়ন দাখিলত উপস্থিত থাকি সাংসদ আব্দুল খালেকৰ ঘোষণা- এইবাৰ নলবাৰীৰ তিনিওটা সমষ্টিতে বিজেপি পৰাজিত হ'ব । বিজেপিৰ লগতে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলকো সমালোচনা কৰে সাংসদগৰাকীয়ে । তেওঁৰ মতে দুয়োটা দলৰে উদ্দেশ্য সৎ নহয়, উদ্দেশ্য সৎ হোৱা হ'লে তেওঁলোক মহাজোঁ‌টত চামিল হ'লহেতেন ।

ৰাতুল পাটোৱাৰী অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিব বুলি মন্তব্য কৰি ধৰ্মপুৰৰ ৰাইজে এইবাৰ ৰাইজৰ কাষত থকা বিধায়ক লাভ কৰিব বুলি কয় মন্তব্য কৰে সাংসদ আব্দুল খালেকে ।

লগতে পঢ়ক:দেৱলাল গাৰ্লচাক উভতি ধৰিলে প্ৰাক্তন দুই মুখ্য কাৰ্যবাহী সদস্যই

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.