ETV Bharat / state

2024ত কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ চৰকাৰ হ'ব: ৰেকিবুদ্দিন আহমেদ

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 8:36 PM IST

INC 139th Foundation Day : নলবাৰীৰ ৰাজীৱ ভৱনত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 139 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ 2024 ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে ৷

INC 139th Foundation Day
নলবাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ 139 সংখ্যক প্ৰতিষ্ঠা দিৱস

ভাৰতীয় জাতীয় কংগ্ৰেছৰ 139 সংখ্যক প্ৰতিষ্ঠা দিৱস

নলবাৰী, 28 ডিচেম্বৰ : সমগ্ৰ দেশতে বৃহস্পতিবাৰে উদযাপন কৰা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 139 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ নলবাৰীৰ ৰাজীৱ ভৱনতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে দলটোৰ 139 সংখ্যক প্ৰতিষ্ঠা দিৱস ৷

আজি দিনযোৰা কাৰ্যসূচীৰে নলবাৰীৰ ৰাজীৱ ভৱনৰ বাকৰিত দলটোৰ সহাস্ৰধিক নেতা-কৰ্মীৰ উপস্থিতিত উদযাপন কৰা হয় এই প্ৰতিষ্ঠা দিৱস ৷ আজিৰ এই প্ৰতিষ্ঠা দিৱসত দলটোৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে ৷ দলটোৰ ৰাজ্যিক সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি তথা বিধায়ক দেবব্ৰত শইকীয়া, বিধায়ক দিগন্ত বৰ্মন, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মা, প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন, বৰপেটাৰ সাংসদ আব্দুল খালেককে ধৰি দলটোৰ বিভিন্ন বিভাগত নিয়োজিত হৈ থকা বহুতো নেতা-কৰ্মী উপস্থিত থাকে এই অনুষ্ঠানত ৷

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি নলবাৰী, বৰক্ষেত্ৰী আৰু টিহু সমষ্টিৰ বুথ লেভেল আৰু বি এল এ প্ৰশিক্ষণ শিবিৰিৰ আয়োজন কৰে দলটোৱে ৷ লগতে আজিৰ এই অনুষ্ঠানত কেইবাজনো অন্য দলৰ কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকি ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দলটোৰ জন্ম তথা প্ৰতিষ্ঠা সন্দৰ্ভত মত ব্যক্ত কৰে ৷ আনহাতে 2024 ৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সৰ চৰকাৰ হ'ব বুলি মন্তব্য কৰে বিধায়কজনে ৷ লগতে অসমৰ 14 টা সংসদীয় সমষ্টিত গৰিষ্ঠ সংখ্যক আসনত ইণ্ডি এলায়েন্সে জয় লাভ কৰিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই কাৰ্যসূচী ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৱে নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ পৰা এক পদযাত্ৰাও বাহিৰ কৰে ৷

লগতে পঢ়ক : নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন INC ৰ ১৩৯ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.