ETV Bharat / state

CM in Nalbari: নলবাৰীত বিকাশ কাৰ্যসূচী ৰূপায়ণ মুখ্যমন্ত্ৰীৰ

দিনযোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগৰখনৰ উন্নয়ণৰ বাবে কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলাৰ লগতে নতুন প্ৰকল্প মুকলি কৰে ৷

author img

By

Published : Jul 3, 2023, 7:51 PM IST

CM Himanta Biswa Sarma visited in Nalbari
নলবাৰীত বিকাশ কাৰ্যসূচী ৰূপায়ণ মুখ্যমন্ত্ৰীৰ

নলবাৰী, ৩ জুলাই : " মই এইটোৱেই কৈছো যে, এইবোৰ বিতৰ্ক পুৱা হ’লে ফেচবুকত ওলাই আৰু সন্ধিয়া হ’লে শেষ হৈ যায় ৷" মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে নলবাৰীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ৰাজ্যত চলি থকা দীঘলীপুখুৰী বিতৰ্ক সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে মুখ্যমন্ত্ৰীগৰাকীক পুনৰ পলাতন OC বিমান ৰয়ৰ কথা সোধোতে তেওঁ কয় যে, মহাত্মা গান্ধীৰ নামো ইমান লোৱা নাযায়, যিমান তেওঁৰ নাম লোৱা হৈছে ৷ বিমান ৰয়ক ধৰা হ’ব ৷ আৰক্ষীয়ে নিজৰ কাম কৰি আছে ৷

উল্লেখ্য যে, নলবাৰী চহৰখনত কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলাৰ লগতে নতুন প্ৰকল্পৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উন্নয়নৰ পষেকেৰে কেইবাটাও নতুন প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা লৈ দিনযোৰা কাৰ্যসূচীৰে উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷ প্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী গণেশ মন্দিৰ চ'কৰ পৰা নলবাৰী হৰিমন্দিৰলৈ সংযোগ হোৱা গৌৰৱ পথেৰে নামাকৰণ হোৱা পথছোৱা মুকলি কৰে ৷ লগতে গণেশ মন্দিৰ চ'কৰ সমীপত বীৰ চিলাৰায় ভৱনৰ আধাৰশিলা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

ইয়াৰ পিচতে কিছুদিন পূৰ্বে সাময়িকভাবে নলবাৰী জিলা প্ৰশাসনে মুকলি কৰা নলবাৰীৰ প্ৰথমখন উৰণ সেঁতু ‘‘প্ৰজ্ঞা সেঁতু’’ মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাবে মুকলি কৰে ৷ ইয়াৰ লগতে হৰিমন্দিৰ চ'কত নলবাৰী চহৰ আৰু গ্ৰামাঞ্চলৰ পৰা নলবাৰী মেডিকেল কলেজলৈ চাৰিখন চৰকাৰী এ এছ টি চিৰ চিটি বাছৰ সেৱা মুকলি কৰে ৷

আনহাতে উক্ত অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে সোণপুৰস্থিত নৱনিৰ্মিত জিলা বিজেপি কাৰ্যালয়টোৰ উদ্বোধন কৰে । এই সকলোবোৰ কাৰ্যসূচীৰ অন্তত নলবাৰী চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নলবাৰী নগৰ প্ৰেক্ষাগৃহটোৰ আধাৰশিলা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিচতে জল জীৱন মিছনৰ জল জীৱন সন্মিলনত উপস্থিত হয় মুখ্যমন্ত্ৰী শৰ্মা ৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে নলবাৰীৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, সাংসদ কুইন ওজা , কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী ৰণজিৎ দাস, মন্ত্ৰী নন্দিতা গাৰ্লোচা , বিত্তমন্ত্ৰী অজন্তা নেওগ, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিধায়ক দিগন্ত বৰ্মন , জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাকে আদি কৰি বহু দলীয় নেতা কৰ্মীৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী ।

জল জীৱন সন্মিলনখনতে নলবাৰী জিলাৰ কেবাটাও নতুন প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ উক্ত অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ কেবাটাও গুৰুত্বপূৰ্ণ পথকে ধৰি নলবাৰী সমষ্টিত AIIB ৰ অধীনত চাৰিটাকৈ নতুন 33/11 KV উপকেন্দ্ৰ স্থাপন কৰে । নলবাৰী সমষ্টিৰ পূব নলবাৰী মণ্ডল, টাউন মণ্ডল আৰু বৰিগোগ বনভাগ মণ্ডলৰ বাহজানী মিলনবজাৰ , নলবাৰী চহৰৰ গোপালবজাৰ , বৰিগোগৰ চতমা আৰু উত্তৰ নলবাৰীৰ বালিতাৰাত স্থাপন হ’ব এই চাৰিটা নতুন বৈদ্যুতিক উপকেন্দ্ৰ ৷

লগতে পঢ়ক: CM Himanta Biswa Sarma: তিনি গগৈ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.