নলবাৰী,১০ মে': নলবাৰীৰ বৰক্ষেত্ৰীৰ পাৰ ঘাট সমূহত বছৰ বছৰ ধৰি নাৱৰীয়া আৰু যাত্ৰী সকলৰ মাজত নাৱৰ ভাড়াকলৈ বাক বিদণ্ডা চলি আহিছে । কিন্তু এইবাৰ সংঘাটে ললে চুড়ান্ত ৰূপ । সোমবাৰে নিশা মুকালমুৱাৰ লাৰকুছি পাৰঘাটত সংঘটিত হয় অনুৰূপ ভাড়া কেন্দ্ৰীক এক সংঘাট(Clashes over boat fares at Mukalmua Larkuchi Parghat) ।
এগৰাকী যাত্ৰীৰ লগত হোৱা ভাড়া কেন্দ্ৰীক সংঘাটত আহত নাৱৰীয়া মকছেদ আলী নামৰ এজন নাৱৰীয়া । লাৰকুছি পাৰঘাটত চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ অহা এগৰাকী যাত্ৰীক নাৱৰীয়াক ভাড়া কমকৈ দিয়াত নাৱৰীয়াগৰাকীয়ে তাক লবলৈ অমান্তি হৈছিল । তাৰ পিছতে যাত্ৰী গৰাকীয়ে শাৰীৰিক আক্ৰমণ কৰা বুলি অভিযোগ কৰে নাৱৰীয়া গৰাকী আৰু তেওঁৰ পৰিয়ালৰ সদস্যই(Boatman injured in passenger beating) ।
ইফালে আক্ৰমণত গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত নাৱৰীয়া মকছেদ আলীক স্থানীয় ৰাইজে ততাতৈয়াকৈ লৈ গৈ ভৰ্তি কৰোৱাই মুকালমুৱা চিকিৎসালয়ত । লগতে একাংশ লোকে নাৱৰীয়াক ভয় ভাবুকি দি নৌকাৰে ভাড়া নিদিয়াকৈ পাৰাপাৰ হোৱাৰ অভিযোগ উত্থাপন কৰে আহত নাৱৰীয়াজনে ।
উল্লেখ্য যে, পাৰঘাটসমূহত জল পৰিবহণ বিভাগে যাত্ৰীক প্ৰয়োজনীয় সা-সুবিধা নিদিয়াৰ পূৰ্বৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে । যাৰ বাবে নাৱৰ ভাড়াক লৈ এনেদৰে প্ৰায়ে যাত্ৰী, নাৱৰীয়াৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈ আহিছে ।