ETV Bharat / state

নলবাৰীত বাজিছে পৌৰসভা নিৰ্বাচনৰ ৰণডংকা - পৌৰ নিৰ্বাচনৰ বতাহ

ৰাজ্যত এতিয়া পৌৰ নিৰ্বাচনৰ বতাহ (Municipal Election 2022) । ব্যতিক্ৰম নহয় নলবাৰীও । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা নলবাৰীত বিভিন্ন দলৰ প্ৰাৰ্থীসকলৰ মাজত দেখা গল সীমাহীন ব্যস্ততা । প্ৰাৰ্থীসকলে দাখিল কৰিলে নিজ নিজ মনোনয়ন (Candidates file nomination for municipal polls) ।

নলবাৰীত বাজিছে পৌৰসভা নিৰ্বাচনৰ ৰণডংকা
নলবাৰীত বাজিছে পৌৰসভা নিৰ্বাচনৰ ৰণডংকা
author img

By

Published : Feb 15, 2022, 10:59 PM IST

নলবাৰী, 15 ফেব্ৰুৱাৰী : নলবাৰীত বাজিল পৌৰ নিৰ্বাচনৰ ৰণশিঙা (Municipal Election 2022) । আগন্তুক পৌৰ নিৰ্বাচনক লৈ নলবাৰীত তৎপৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট । নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰত সেৱা লৈ বিজেপি-নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে সমৰ্থক তথা দলীয় কৰ্মীয়ে বাহিৰ কৰা বিশাল সমদলেৰে পৰিৱেষ্টিত হৈ আহি দাখিল কৰিলে মনোনয়ন (Candidates file nomination for municipal polls) ।

সোতৰটা পৌৰসভাৰ বাবে অনুষ্ঠিত হ'ব লগা এই নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে পোন্ধৰ জনে আৰু অগপৰ পৰা দুজনে লাভ কৰিছে প্ৰাৰ্থীত্ব । এই নিৰ্বাচনত মুঠ ৩৭,১১৯ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ভাগ্য । প্ৰাৰ্থীসকলক সংগ দিয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্তমল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াই ।

বিধায়ক জয়ন্তমল্ল বৰুৱাই নলবাৰী পৌৰসভাৰ সোতৰটা ৱাৰ্ডতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীয়েই বিজয় সাব্যস্ত কৰিব বুলিও মন্তব্য কৰে ৷

লগতে নিৰ্বাচনত কংগ্ৰেছ-এজেপি-ৰাইজৰ দলৰ মাজত হোৱা মিত্ৰতা সন্দৰ্ভতো প্ৰকাশ কৰে তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে, কংগ্ৰেছ-এ আই ইউ ডি এফ-এজেপি পূৰ্বতে একেলগ থাকিও বিজেপিৰ হাতত ধৰাশায়ী হৈছে । এইবাৰো ধৰাশায়ী হ'ব ।

আনহাতে, সংবাদ মাধ্যমৰ আগত সাংসদ দিলীপ শইকীয়াইয়ো ৰাজ্যৰ আশীখন পৌৰসভাই বিজেপিয়ে দখল কৰিব বুলি মন্তব্য কৰে (Municipal polls in Nalbari) ৷

লগতে পঢ়ক : Majuli assembly by-election: ৰাজীৱ লোচন পেগুলৈ দুখ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.