ETV Bharat / state

প্ৰতিবাদত অগ্নিগৰ্ভা ৰাজ্যঃ প্ৰতিবাদকাৰীয়ে অৱলম্বন কৰিলে প্ৰতিবাদৰ বিভিন্ন ভাষা

author img

By

Published : Dec 11, 2019, 11:14 PM IST

ৰাজ্যত বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে ৷ চাৰিওফালে সাব্যস্ত হৈছে কেব বিৰোধী প্ৰতিবাদ ৷ ওদালগুৰি,দৰং,নলবাৰী আৰু সোণাপুৰতো সাব্যস্ত কৰা হয় কেব বিৰোধী প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীয়ে অৱলম্বন কৰিলে প্ৰতিবাদৰ বিভিন্ন ভাষা
ৰাজ্যত অব্যাহত জংগী আন্দোলন

ওদালগুৰি,11 ডিচেম্বৰঃ কেবক লৈ ক্ৰমে উত্তাল হৈ পৰিছে ওদালগুৰি ৷ জিলাখনত বৃহস্পতিবাৰে আছু তথা যুৱ ছাত্ৰ পৰিষদৰ যৌথ সহযোগত লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ক্ষুব্ধ প্ৰতিবাদী জনতাই ওদালগুৰি ৰেল ষ্টেচনত ৰেল অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

ওদালগুৰিত স্থানীয় ৰাইজৰ ৰেল অৱৰোধ

দৰংঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত দৰং জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ সন্থাৰ সদস্যসকলে ৰাজপথত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই প্ৰতিবাদে ক্ৰমশঃ দৰঙত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷

ৰাজ্যত অব্যাহত জংগী আন্দোলন

সোণাপুৰঃ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে সোণাপুৰতো তীব্ৰ ৰূপ ধাৰণ কৰিছে কেব বিৰোধী আন্দোলনে ৷ কেবৰ বিৰুদ্ধে বুধবাৰে নিশা জাগি উঠিল সাধাৰণ জনতা ৷ প্ৰতিবাদী জনতাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল কৰে পৰিৱেশ ৷ ইফালে প্ৰতিবাদী দলটোৱে চৰকাৰ বিৰোধী ধ্বনিৰে ডিমৰীয়াৰ আকাশ-বতাহ কঁপাই তোলা পৰিলক্ষিত হয় ৷ প্ৰতিবাদকাৰী এটাই কথা ‘কেব আমি নামানো’ ৷ সোণাপুৰত এইদৰে প্ৰতিবাদ কৰাৰ ফলত প্রায় এঘন্টাৰ বাবে বন্ধ হৈ পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷

নলবাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ সদস্যসকলে জাতিৰক্ষাৰ স্বাৰ্থত বৃহস্পতিবাৰে প্ৰতিবাদেৰে কঁপাই তোলে সমগ্ৰ নলবাৰী চহৰ ৷ কেব বাতিলৰ দাবীত আছুৱে সন্ধিয়া চহৰখনত উলিয়ায় বিশাল জোঁৰ সমদল ৷ আছুৰ এই আহ্বানৰ সপক্ষে স্বতঃস্ফুৰ্তভাৱে ওলাই আহে অধিকাংশ নলবৰীয়া । উক্ত কাৰ্যসূচীত নলবাৰী জিলা সাংবাদিক সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে যোগদান কৰে ৷

জাতিৰক্ষাৰ স্বাৰ্থত নলবাৰী আছুৰ জোঁৰ সমদল

লগতে চাওকঃব্ৰহ্মপুত্ৰ উপত্যকাত ইন্টাৰনেট সেৱা বন্ধ

Intro:কেবক লৈ উত্তাল ওদালগুৰি
ওদালগুৰিত আছু - যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ
ওদালগুৰি ৰেল ষ্টেছনত ৰেল অৱৰোধ প্ৰতিবাদীৰ।

Body:কেবক লৈ উত্তাল ওদালগুৰি
ওদালগুৰিত আছু - যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ
ওদালগুৰি ৰেল ষ্টেছনত ৰেল অৱৰোধ প্ৰতিবাদীৰ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.