নলবাৰী, 30 অক্টোবৰ : পত্নীৰ সৈতে ভোটদান কৰিলে বিটিআৰ(BTR)ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো(Pramod Boro)ই ৷ তামুলপুৰ সমষ্টি(Tamulpur Constituency)ৰ 139 নং শৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ভোটকেন্দ্ৰত পত্নীক লগত লৈ ভোটাধিকাৰ সাব্যস্ত কৰে বিটিআৰৰ মুৰব্বীগৰাকীয়ে ৷
ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, শীঘ্ৰেই বড়োলেণ্ড অস্ত্ৰমুক্ত অঞ্চল হ’বলৈ গৈ আছে ৷ গোসাঁইগাঁৱত এ আই ইউ ডি এফ(AIUDF), কংগ্ৰেছ আৰু বি পি এফ(BPF)ৰ মাজতহে যুদ্ধ হ’ব ৷ কিয়নো ইউ পি পি এল(UPPL) বহু ওপৰত থাকিব ৷ নামনি অসমৰ পৰা ইউ পি পি এলে তিনিখন আসন লাভ কৰিব বুলিও তেওঁ মন্তব্য আগবঢ়ায় ৷
উল্লেখ্য যে, উপ-নিৰ্বাচন(Bypolls)ৰ পাঁচোটা সমষ্টিৰ ভিতৰত অন্যতম হৈছে তামুলপুৰ সমষ্টি ৷ তামুলপুৰত মুঠ 322 টা কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ আনহাতে সমষ্টিটোত 2,17,432 গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব 6 গৰাকী প্ৰাৰ্থীৰ ।
লগতে পঢ়ক : বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীৰ গোঁসাইগাঁৱত ভোটদান