নলবাৰী,3 মাৰ্চ: মঙলবাৰে অসমৰ আগশাৰীৰ ৰক্তদাতা অনুষ্ঠান বৰক্ষেত্ৰী ৰক্তদান সংস্থাৰ উদ্যোগত আয়োজন কৰা ৰক্তদান শিবিৰৰ লগত সংগতি ৰাখি গুৱাহাটীৰ গেট হাস্পতালৰ দ্বাৰা এটি বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় । এই শিবিৰৰ লগত সংগতি ৰাখি বামুণবড়ীস্থিত শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়খনৰ কেইবাজনো ছাত্র-ছাত্ৰীয়ে শিবিৰত ৰক্তদান কৰে ৷
উল্লেখযোগ্য যে, বৰক্ষেত্ৰী ৰক্তদান (অসম) নামৰ বেচৰকাৰী সংস্থাটোৱে ইয়াৰ পূৰ্বেও বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ লগতে বিভিন্ন সামাজিক কাম কৰি আহিছে । বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ছাহজাহানা বেগমে সভাপতিত্ব কৰা সজাগতা সভাখনত উপস্থিত থাকে শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুৰ ৰহমান, দৌলাশাল আৰক্ষী চকীৰ বিষয়া বাবুল শইকীয়া, বৰক্ষেত্ৰী ৰক্তদান সংস্থাৰ সম্পাদক জেহেৰুল হক তথা কেইবাগৰাকীও বিষয়ববীয়া ৷
লগতে পঢ়কঃ বিজেপিত যোগদানৰ পিচতে অথন্তৰ ভূৱন পেগুৰ