নলবাৰী, 11 মাৰ্চ : ৰক্ত দান মহান দান আৰু আপোনাৰ এটোপাল ৰক্তই কাৰোৱাৰ জীৱনলৈ আনিব পাৰে পোহৰ । চৌদিশে এতিয়া হোলিৰ পাৰভঙা উচাহ । হোলিৰ উচাহৰ মাজতে নলবাৰীৰ এটা ব্যক্তিগত সংগঠনৰ উদ্যোগত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসমাৰিক চিকিৎসালয়ত অনুষ্ঠিত হৈ যায় ৰক্তদান শিৱিৰ ।
উল্লেখযোগ্য যে, সমাজৰ হিতৰ হকে আজিৰ হোলীৰ আনন্দৰ দিনটোতে White Wings Societyৰ তৰফৰ পৰা কেইবাগৰাকীও যুৱকে এইদৰে ৰক্ত দান কৰে । ইফালে সংগঠনটোৱে ভৱিষ্যতে সুন্দৰ স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণৰ সজাগতা সভা আযোজন কৰিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাই । আনহাতে সংঠনটোৰ তৰফৰ পৰা এইদৰেই ৰক্তদান কৰাটো সচাকৈয়ে এক প্ৰসংশনীয় পদক্ষেপ বুলি উল্লেখ কৰে বিভিন্নজনে ।