নলবাৰী, 26মাৰ্চ: আসন্ন বিধানসভা নিৰ্বাচনক লৈ এতিয়া চলি আছে দলত্যাগৰ ধুমুহা । নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত বৃহস্পতিবাৰে ধৰ্মপুৰ সমষ্টিৰ বহু কেইগৰাকী কংগ্ৰেছৰ শীৰ্ষ নেতাই ঢাপলি মেলিছে বিজেপিলৈ ৷
ইপিনে কঁকালত টঙালি বান্ধি প্ৰতিটো ৰাজনৈতিক দল নামি পৰিছে নিৰ্বাচনী যুঁজত । ৰাজপাট দখলৰ বাবে সমষ্টিয়ে সমষ্টিয়ে চলিছে ব্যাপক নিৰ্বাচনী যুঁজ । ব্যতিক্ৰম নহয় ৬১ নং ধৰ্মপুৰ বিধান সভা সমষ্টিয়ো । সমষ্টিটো পুনৰ দখলৰ বাবে বিধায়ক তথা কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দলীয় কৰ্মী-সমৰ্থকক লগত লৈ চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ।
উল্লেখ্য যে, ধৰ্মপূৰ সমষ্টিত শাসকীয় দল বিজেপিৰ পৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ বিপৰীতে বিৰোধী কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছে ৰাতুল পাটোৱাৰীয়ে । ৰাতুল পাটোৱাৰীয়ে টিকট পোৱাৰ পিছতে একাংশ কংগ্ৰেছ কৰ্মী এতিয়া ক্ষুন্ন হৈ পৰিছে । মূলতঃ টিকটৰ পৰা বঞ্চিত হোৱা প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ একাংশ সমৰ্থক এতিয়া যাত্ৰা কৰিছে বিজেপিলৈ । শৰণাপন্ন হৈছে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ওচৰত । ইয়াৰেই বহিঃপ্ৰকাশ ঘটিল বৃহস্পতিবাৰে ।
ধৰ্মপুৰ সমষ্টিৰ চামতা-বালিপথাৰত থকা বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে ডেৰ শতাধিক কংগ্ৰেছীয়ে । এই সকলৰ ভিতৰত আছে নীলমণিৰ সোঁহাত স্বৰূপ তথা পশ্চিম নলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি বিকুল তালুকদাৰ, জিলা কংগ্ৰেছৰ সম্পাদক বিষ্ণু দাস, ইয়ং ব্ৰিগেডৰ জ্ঞানেন্দ্ৰ দাস সহ ডেৰ শতাধিক কংগ্ৰেছ নেতা-কৰ্মী । এওঁলোকক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে গেৰুৱা বসন পিন্ধাই আদৰণি জনায় ।
আদৰণি জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা অশুভ । পাটোৱাৰীয়ে ৰাজ্যৰ ১৪ খন জিলা আজমলৰ দখলত থকা বুলি কৈ আজমলে আমাৰ সভ্যতা সংস্কৃতিলৈ বিপদ মাতি অনা বুলিও মন্তব্য কৰে ৷ ইফালে বিজেপি চৰকাৰে অসমীয়াৰ নিৰাপত্তা সুনিশ্চিত কৰা বুলি দোহাৰি মহিলা সবলীকৰণ তথা নিৰাপত্তা সুনিশ্চিত কৰা বুলি মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । আনহাতে, তেওঁ বিধানসভা নিৰ্বাচনত এইবাৰ পুনৰ মিত্ৰজোটৰ চৰকাৰ গঠন হ'ব বুলিও দাবী কৰে ।
লগতে পঢ়ক: কলিয়াবৰত বিজেপিৰ নিৰ্বাচনী সংকল্প পত্ৰ ঘোষণা