নলবাৰী, ৬ আগষ্ট: সমাগত লোকসভা নিৰ্বাচন । ২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সংখ্যালঘু ৰাইজৰ ওপৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে ভাৰতীয় জনতা পাৰ্টী । এই উদ্দেশ্যৰে দেওবাৰে নলবাৰীৰ দক্ষিণ বাহজানীৰ চৰিয়াত ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সংখ্যালঘু মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হয় এখনি মহিলা সন্মিলন । চৰিয়াৰ অনুসূচিত জাতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সন্মিলনখন ।
সহস্ৰাধিক মহিলাৰ সমাগমেৰে অনুষ্ঠিত সন্মিলনখনত উপস্থিত থাকে স্থানীয় সাংসদ দিলীপ শইকীয়া, শান্তিয়াছ কুজুৰকে ধৰি কেইবাজনো দলীয় তথা জিলা পৰ্যায়ৰ নেতা । উক্ত সন্মিলনৰ ভাষণ প্ৰসংগত সাংসদ দিলীপ শইকীয়াই পোনতে সংখ্যালঘু ৰাইজক কংগ্ৰেছে ভোটবেংক হিচাপে সদায় ব্যৱহাৰ কৰি অহা বুলি সদৰী কৰি ভাৰতীয় জনতা পাৰ্টীয়ে "সব কা সাথ সব কা বিকাশেৰে" ভাৰতৰ অন্যান্য জনগোষ্ঠীৰ লগতে সংখ্যালঘু জনতাৰ ক্ষেত্ৰতো সমানে উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি অহা বুলি সদৰী কৰে ।
তেওঁ লগতে বিজেপি নেতৃত্বধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অন্য জনগোষ্ঠীৰ যিমানে অধিকাৰ প্ৰদান কৰিছে সংখ্যালঘু লোককো সিমানেই অধিকাৰ প্ৰদান কৰি উন্নয়নত প্ৰাধান্য দিছে বুলি মন্তব্য কৰে । উক্ত সন্মিলনত জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰ, জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি চবিৰ আহমেদে সংখ্যালঘু লোকসকলক বিজেপি চৰকাৰে সম অধিকাৰেৰে সম উন্নয়ন কৰি অহা বুলি মত ব্যক্ত কৰে ।
উক্ত সন্মিলনৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত সাংসদ দিলীপ শইকীয়াই বিজেপি শিলাদিত্য দেৱৰ দৰে আন আন নেতাই আজান বন্ধ কৰাৰ বাবে দিয়া মন্তব্যৰ প্ৰসংগত কয়, ভাৰতীয় জনতা পাৰ্টী ভাৰতৰ সংবিধান মতে চলা দল । ভাৰতৰ সংবিধান সকলোৱে মানি চলিব লাগে । যদি কোনোবাই কোনো সম্প্ৰদায়ক লক্ষ্য কৰি তেনে মন্তব্য কৰে তেন্তে এয়া সংবিধানৰ নিয়ম হনন কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতিয়ে তেনে কোনো নীতি-আদৰ্শক প্ৰকট নকৰে । শিলাদিত্য দেৱৰ মন্তব্যক বিজেপিৰ নীতি আদৰ্শৰ বাহিৰত আৰু তেনে নেতাক ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি, ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগতে ভাৰতীয় হ’বলৈ আহ্বান জনায় সাংসদ শইকীয়াই ।
লগতে পঢ়ক: Shiladitya Dev controversy: নামাজৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি বিপদত শিলাদিত্য দেৱ !