নলবাৰী, 22 অক্টোবৰ : বুধবাৰৰ পৰা ছয় দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম নলবাৰীৰ বিহামপুৰত আৰম্ভ হৈছে বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ । পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আদি কাৰ্যসূচীৰ পিছত বুধবাৰে নিশা বিহামপুৰ বাৰোৱাৰী শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা উদ্যোগ আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।
উদ্বোধনী অনুষ্ঠানত পাটোৱাৰীৰ লগতে অংশ লয় গুৱাহাটীৰ পৰিবহন বিষয়া বলেন পাঠক, পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া, পশ্চিম নলবাৰী খণ্ড উন্নয়ন বিষয়াকে আদি কেইবাজনো বিশিষ্ট লোকে । ইয়াৰ পিছত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয় ৰজা নাগেক্ষৰ দিনতে স্থাপন হোৱা মা-কামাখ্যাৰ পিছতে দ্বিতীয় খন শক্তিপীঠ হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত বেলশৰ বিল্বেশ্বৰ দেৱালয়ত ।

যোৱা 17 অক্টোবৰৰ প্ৰতিপদ তিথিৰ পৰা বিজয়া দশমীলৈকে দহ দিনীয়াকৈ আৰম্ভ হৈছে বেলশৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা । এইদৰে বুধবাৰে পঞ্চমী পূজাত নিশা বেলশৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা মাক আৰাধনা কৰে মন্ত্ৰী পাটোৱাৰীয়ে । পূৰ্বৰ দৰে নৱমী পূজাত এইবাৰ বিল্বেশ্বৰ দেৱালয়ত নহ'ব ভক্তই আগবঢ়োৱা ম'হ বলি । কৰ'ণা মহামাৰীৰ বাবে এইবাৰ নহ'ব ৰাজহুৱা বলি । ইয়াৰ বিপৰীতে দেৱালয় কৰ্তৃপক্ষৰ পৰা সকলোৰে মংগলাৰ্থে আৰু কৰ'ণা মহামাৰী নিৰ্মূলৰ কামনাৰে এটা মহ বলি দিয়া হ'ব । ভক্ত দৰ্শনাৰ্থী সকলেও ক'ভিড প্ৰটক'ল মানিহে পূজাত সোমাব পাৰিব । উল্লেখ্য যে, অহা 26 অক্টোবৰত বিজয়া দশমীৰ নিশা সামৰণি পৰিব এই দুয়োখন দুৰ্গা পূজাৰ ।
লগতে পঢ়ক : চৰকাৰী নিৰ্দেশনা মানি ধেমাজিত অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন