নলবাৰী,26 জুলাই: মহানগৰীৰ ভৰলুৰ পিছতে নলবাৰীৰ বেলশৰত বীৰত্ব প্ৰদৰ্শন কৰিলে আৰক্ষীয়ে ৷ শনিবাৰে নিশা বেলশৰ আৰক্ষীৰ হাতত প্ৰহৃত হয় এগৰাকী সাধাৰণ শ্ৰমিক ৷ একাংশ আৰক্ষীৰ অমানৱীয়তাৰ বাবে পুনৰ কলংকিত হৈছে অসম আৰক্ষী ৷ জিলাখনৰ খাৰশিঠা নিবাসী যতীন দাস নামৰ ব্যক্তিগৰাকীক বেলশৰ আৰক্ষীয়ে বালিজাৰ-খাৰশিঠা সংযোগী পথত নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰে ৷
ব্যক্তিগৰাকীৰ এটাই অপৰাধ যে,প্ৰশাসনে জাৰি কৰা সাপ্তাহিক লক ডাউন ভংগ কৰি শনিবাৰে সন্ধিয়া প্ৰায় 6 বজাত কৰ্তব্যৰ পৰা উভটি গৃহাভিমুখে আহি আছিল ৷ আৰক্ষীয়ে দাসক ৰাজপথেৰে আহি থকা দেখি কোনো সোধ-পোচ অবিহনে মুৰত আঘাত কৰাৰ ফলত ব্যক্তিগৰাকীৰ মুৰটো তেজেৰে ৰাঙলী হৈ পৰে ৷ উল্লেখ্য যে, ব্যক্তিগৰাকীয়ে অইন দিনৰ দৰে শনিবাৰেও বালিজাৰৰ পৰা কাম সামৰি আহি আছিল ৷
আৰক্ষীৰ এই অমানৱীয় আচৰণে পুনৰবাৰ সাধাৰণ জনতা আৰু আৰক্ষীৰ মাজৰ সম্পৰ্কৰ মাজত ব্যৱধান সৃষ্টি কৰিলে ৷ বেলশৰ আৰক্ষীৰ এই কাণ্ড কিমানদুৰ গ্ৰহণযোগ্য সেয়া বিচাৰ কৰিবলৈ সচেতন মহলে বিষয়টোত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ হস্তক্ষেপ দাবী কৰিছে ৷ উক্ত ঘটনাৰ পিছতো নিৰপৰাধী ব্যক্তিগৰাকীক আৰক্ষীয়ে প্ৰদান নকৰিলে কোনো প্ৰাথমিক চিকিৎসা ৷ দুৰ্বৃত্তক কৰায়ত্ত কৰিব নোৱাৰা বেলশৰ আৰক্ষীয়ে সাধাৰণ লোকক প্ৰহাৰ কৰিয়ে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা কাৰ্যত নিন্দা প্ৰকাশ কৰিছে জিলাখনৰ সচেতন মহলে ৷
লগতে চাওকঃ ভৰা কপিলীত জাঁপ দিলে ৫০ উৰ্ধৰ মহিলাই