নলবাৰী, 12 অক্টোবৰঃ বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰাজোল অঞ্চলৰ বিভিন্ন বাট-পথ পুনৰ মেৰামতিৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । সংগঠনটোৱে স্থানীয় ৰাইজ তথা শতাধিক স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত দীৰ্ঘদিন ধৰি যাতায়তৰ বাবে জৰাজীৰ্ণ হৈ থকা তামুলপুৰ-ৰঙিয়া সংযোগী বৰাজোলৰ পথৰ পুনৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । স্থানীয় বিধায়ক অশোক শৰ্মা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । তাৰোপৰি চৰকাৰে অতি শীঘ্ৰেই পথটোৰ মেৰামতি ব্যৱস্থা হাতত নল'লে ৰাইজ তথা ছাত্ৰ সমাজৰ সহযোগত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷
আৰু পঢ়ক