ETV Bharat / state

জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি হোৱা নাই : অতুল বৰা

author img

By

Published : Aug 10, 2020, 5:11 AM IST

যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰাৰ কথা সংবাদ মেলযোগে ঘোষণা কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই ৷ তাৰ পাচতেই এই বিষয়ক লৈ ৰাজ্যত ব্যাপক চৰ্চা চলিছে ৷ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ কৰিব বিচৰা সম্পৰ্কে কোনো ৰাজনীতি নাই বুলি সদৰী কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই ।

zubin garg controversy
zubin garg controversy

নলবাৰী, 9 আগষ্ট : জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ কৰিব বিচৰা সম্পৰ্কে নাই কোনো ৰাজনীতি । একমাত্ৰ কৃষি ক্ষেত্ৰৰ বিকাশৰ বাবেহে এই সিদ্ধান্ত লোৱা হৈছে ৷ দেওবাৰে নলবাৰীত উপস্থিত হৈ এই মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই । তেওঁ কয় যে, এইয়া কৃষি ক্ষেত্ৰৰ উন্নতিৰ কথা চিন্তা কৰিহে কৰিব বিচৰা হৈছে ।

একেদৰে নতুন নতুন উন্নত সঁচৰ ধান খেতিৰ জৰিয়তে কৃষি খণ্ডক অধিক গতিশীল কৰাৰ পৰিকল্পনাও কৰিছে বুলিও ক'লে কৃষি মন্ত্ৰী অতুল বৰাই । দেওবাৰে নলবাৰীৰ বৰ্ষীয়ান অগপ নেতা অকন মল্ল বৰুৱাৰ ঘৰত উপস্থিত হয় কৃষিমন্ত্ৰীগৰাকী । ৰোগাগ্ৰস্ত হৈ থকা জ্যেষ্ঠ অগপ নেতা তথা অগপৰ নলবাৰী জিলাৰ প্ৰাক্তন সভাপতি জাতীয়তাবাদী নেতা অকন মল্ল বৰুৱাৰ স্বাস্থ্যৰ বুজ লয় কৃষিমন্ত্ৰীগৰাকীয়ে । জাতীয়তাবাদী নেতা অকন মল্ল বৰুৱাৰ আশু আৰোগ্য কামনা কৰি অতুল বৰাই জ্যেষ্ঠ নেতাজনৰ প্ৰশংসা কৰে।

জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি হোৱা নাই

উল্লেখ্য যে, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ নিয়োগ কৰাৰ কথা সংবাদ মেলযোগে ঘোষণা কৰিছিল কৃষিমন্ত্ৰী অতুল বৰাই ৷ তাৰ পাচতেই এই বিষয়ক লৈ ৰাজ্যত ব্যাপক চৰ্চা চলিছে ৷ বহুতেই চ’ছিয়েল মিডিয়াযোগে সমালোচনাও কৰিছে শিল্পীগৰাকীক ৷ ’কা’ বিৰোধী স্থিতিত অটল থকা জুবিন গাৰ্গ কিয় চৰকাৰ পক্ষৰ লগ লাগিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে বহুতেই ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে নিবনুৱা নিয়োগ সম্পৰ্কীয় আলোচনাৰ বাবে মুখ্যমন্ত্ৰীৰ কাষলৈও গৈছিল জুবিন গাৰ্গ ৷ সেই সময়তো বহুতেই শিল্পীগৰাকী বিজেপিৰ সৈতে চামিল হোৱা বুলি মন্তব্য কৰিছিল ৷

আনহাতে চ’ছিয়েল মিডিয়াত জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ হোৱাক লৈ চলি থকা বিতৰ্কত অতিষ্ঠ হৈ দেওবাৰে জুবিন গাৰ্গৰ পত্নী তথা ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে শিল্পীগৰাকীক ৰাইজে ৰাজহুৱাভাৱে ফাঁচি দিয়ক বুলি ফেচবুকত মন্তব্য কৰিবলৈ বাধ্য হয় ৷ জুবিন গাৰ্গক লৈ আৰম্ভ হোৱা এই বিতৰ্ক তথা কটু সমালোচনাই মানসিকভাৱে আঘাত দিছে জুবিন পত্নীৰ লগতে তেওঁৰ একাংশ অনুৰাগীক ৷

লগতে পঢ়ক : বজালীৰ শ্বহীদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.