ETV Bharat / state

বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকক হত্যা

author img

By

Published : Oct 11, 2020, 8:31 PM IST

যুৱককেইজনে মোবাইল ফোনৰ মূল্য ঘূৰাই দিম বুলি পিংকুক মাতি নি মাৰধৰ কৰি হত্যা কৰে ৷ ইয়াৰ পাছতে হত্যাকাৰী 4 যুৱকে পিংকুক হত্যা কৰি শোৱনি কোঠাত ওলোমাই থৈ সমগ্ৰ ঘটনা আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷

Assamese youth killed in andhra pradesh
বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকক হত্যা

নলবাৰী,11 অক্টোবৰ : বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ'ল অসমৰ যুৱক ৷ এইবাৰ মোবাইল ফোনৰ বাবে বহিঃৰাজ্যত হত্যা কৰা হ'ল নলবাৰীৰ এজন যুৱকক ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অন্ধপ্ৰদেশত ৷ ঘটনাৰ বিৱৰণ অনুসৰি, কামৰ সন্ধানত অন্ধপ্ৰদেশৰ এটা ব্যক্তিগত কোম্পানীত তিনি বছৰ ধৰি কৰ্মৰত আছিল পিংকু আলী নামৰ যুৱক জন ৷ কিন্তু যোৱা ৮ অক্টোবৰত যুৱকজনৰ কৰ্মৰত কোম্পানীটোৰ পৰা এগৰাকী কৰ্মচাৰীয়ে যুৱক জনৰ ঘৰলৈ ফোন কৰি পিংকু আলীৰ মৃত্যু খবৰ দিয়ে ৷ হঠাৎ পিংকুৰ মৃত্যুৰ বাতৰি পোৱাত হতভম্ব হৈ পৰে পৰিয়ালৰ লোক ৷

পৰিয়ালৰ লোকে পিংকুৰ মৃত্যুৰ কাৰণ জানিবলৈ বিচৰাত কৰ্মচাৰীগৰাকীয়ে জানিবলৈ দিয়ে যে, মৃত পিংকুৱে ক্ৰয় কৰা নতুন মোবাইল ফোন 7 অক্টোবৰত চুৰি কৰি লৈ গৈছিল 4 জন যুৱকে ৷ চুৰি ঘটনাৰ বিষয়ে গম পাই যুৱককেইজনৰ পৰা পিংকুৱে মোবাইল ফোনৰ মূল্য বিচাৰিছিল ৷ কিন্তু যুৱককেইজনে মোবাইল ফোনৰ মূল্য ঘূৰাই দিম বুলি পিংকুক মাতি নি মাৰধৰ কৰি হত্যা কৰে ৷ ইয়াৰ পাছতে যুৱককেইজনে পিংকুক হত্যা কৰি শোৱনি কোঠাত ওলোমাই থৈ সমগ্ৰ ঘটনা আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰে ৷

ইপিনে, এই ঘটনাৰ পাছতে পিংকু আলীৰ ভাতৃ ইছমাইল আলীয়ে স্থানীয় প্ৰশাসন আৰু কোম্পানী কৰ্তৃপক্ষক ঘটনা সন্দৰ্ভত অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নিদি বিষয়টোৰ পৰা গা এৰাহে দিয়ে ৷ আনকি পৰিয়ালৰ লোকক ভাবুকি পৰ্যন্ত দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ আনহাতে, এই হত্যাকাণ্ডৰ লগত ওড়িশাৰ সুনীল নামৰ এজন যুৱক জড়িত যদিও বৰ্তমান পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে,দেওবাৰে পিংকুৰ মৃতদেহ নিজ গাঁৱত আহি পোৱাত ৰাইজে স্থানীয় সাহানবিষ্টুপুৰ প্ৰাথমিক বিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলী দি ধৰ্মীয় নীতি নিয়মেৰে জানাজা সম্পন্ন কৰে ৷

লগতে পঢ়কঃপঞ্জাৱৰ 29 টা সংগঠনক কৃষক আইন সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.