নলবাৰী, 5 জুনঃ যি সময়ত কেৰেলাকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে নিপা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে সেই সময়তে নলবাৰীৰ এখন গাঁৱৰ ৰাইজে বাদুলি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
'নিপা'ৰ আতংকৰ মাজতো বাদুলি সংৰক্ষণ গাঁওবাসীৰ - বাদুলি সংৰক্ষণ
এফালে নিপা' ভাইৰাচৰ আতংক, আনফালে বাদুলি সংৰক্ষণ
'নিপা'ৰ আতংকৰ মাজতো বাদুলি সংৰক্ষণ গাঁওবাসীৰ
নলবাৰী, 5 জুনঃ যি সময়ত কেৰেলাকে ধৰি দেশৰ প্ৰান্তে প্ৰান্তে নিপা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে সেই সময়তে নলবাৰীৰ এখন গাঁৱৰ ৰাইজে বাদুলি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে ৷ সবিশেষ চাওঁক এই প্ৰতিবেদনত...
Slug BAT Story
5Jun19
Story FTP
##এফালে নিপা'ৰ আতংক,আনফালে বাদুলি সংৰক্ষন ##
বাদুলী সংৰক্ষণৰ উৎকৃষ্ট নিদৰ্শন নলবাৰীত।এক প্ৰতিবেদন।
VO=1 কেৰেলাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত নিপা ভাইৰাছৰ আতংক সূষ্টি কৰাৰ সময়তে নলবাৰীৰ এখন গাওৰ ৰাইজে বাদুলি সংৰক্ষনৰ ক্ষেএত এক বিশেষ ভূমিকা পালন কৰি আহিছে । এছিয়া মহাদেশত প্ৰায় বিলুপ্ত হৈ পৰা red flying Fox bat নামৰ বাদুলি বিধে প্ৰতিঘৰ পৰিয়ালৰ ঘৰৰ পিছফালে গছত ওলমি আছে ।প্ৰায় ৪০/৪৫বছৰ ধৰি ।কোনো ধৰনৰ দুষ্কৃতিকাৰীয়ে যাতে এই দুষ্পাপ্য বাদুলি সমূহ চিকাৰ কৰিৱ নোৱাৰে তাৰ বাৱে গাওৱাসীয়ে বিশেষ ভূমিকাপালন কৰি আহিছে।নলবাৰী চহৰৰ পৰা ১০/১২কিলোমিটাৰ দূৰত অৱস্হিত পাগলদিয়ানৈৰ পাৰত অৱস্হিত চেংনৈ গাওখনত থকা বিলুপ্ত হৈ পৰা বাদুলি সমূহে আম-কঠালৰ সমূহ খাদ্য হিচাপে গ্ৰহন কৰে যদিও গাও খনৰ ৰাইজে সেই গছৰে ফল খাই যদিও কোনো 'নিপা' ভাইৰাছৰ আতংকই প্ৰভাৱ পৰা নাই ।উল্লেখ্য যে যিটো সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত জীৱ-জন্তুু,চৰাই-চিৰিকটীৰ চোৰাংচিকাৰীয়ে ধংস কৰি আহিছে তেনে সময়তে গাওখনৰ ৰাইজে বাদুলি সংৰক্ষনেৰে প্ৰকৃতি প্ৰেমৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ।
বাইট- স্থানীয় ৰাইজ
নলবাৰীৰ পৰা কৈলাস ডেকা,ETV ভাৰত অসম।
Last Updated : Jun 6, 2019, 7:37 AM IST