ETV Bharat / state

হীৰেন ভট্টাচাৰ্যৰ "কবিতা"ৰ বাবে বিতৰ্কত নলবাৰীৰ চকু চিকিৎসক

এই সন্দৰ্ভত বুধবাৰে বিয়লি নলবাৰীৰ নাট্যমন্দিৰ চৌহদৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সংবাদমেল সম্বোধন কৰি উক্ত ঘটনাক লৈ দুখ প্ৰকাশ কৰে ৷ ইয়াৰোপৰি প্ৰয়াত চিৰনমস্য কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা গোস্বামীৰ নামত প্ৰকাশ কৰাটো অক্ষমণীয় অপৰাধ লগতে এনে দুষ্কাৰ্য কৰি তেওঁৰ নামটো জনমানসত হেয় প্ৰতিপন্ন কৰা চেষ্টা বুলি মন্তব্য কৰে চিকিৎসক শুভ্ৰকিংকৰ গোস্বামীয়ে ৷

হীৰেন ভট্টাচাৰ্যৰ "কবিতা" ৰ বাবে বিতৰ্কৰ আৱৰ্তত নলবাৰীৰ চকু চিকিৎসক
author img

By

Published : Jun 13, 2019, 7:47 AM IST

Updated : Jun 13, 2019, 12:34 PM IST

নলবাৰী, 12 জুনঃ সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা অন্য ব্যক্তিৰ নামত প্ৰকাশ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে "গজালি" নামৰ কাব্যালোচনীখনৰ গোষ্ঠী । জানিব পৰা মতে হীৰেন ভট্টাচাৰ্যৰ কবিতা নিজ নামেৰে প্ৰকাশ হোৱা ঘটনাক লৈ বিতৰ্কত সোমাই পৰিছে নলবাৰীৰ বিশিষ্ট চকু চিকিৎসক শুভ্ৰকিংকৰ গোস্বামী৷ নলবাৰী জিলাৰ অময়াপুৰ বগলচ ৰোডৰ পৰা প্ৰকাশিত আলোচনী "গজালি" ত জুন সংখ্যাৰ সংস্কৰণখনত প্ৰকাশ হয় হীৰেন ভট্টাচাৰ্যৰ "কবিতা" নামৰ কবিতাটো ৷

হীৰেন ভট্টাচাৰ্যৰ "কবিতা" ৰ বাবে বিতৰ্কৰ আৱৰ্তত নলবাৰীৰ চকু চিকিৎসক

এই সন্দৰ্ভত বুধবাৰে বিয়লি নলবাৰীৰ নাট্যমন্দিৰ চৌহদৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সংবাদ মেল সম্বোধন কৰি উক্ত ঘটনাক লৈ দুখ প্ৰকাশ কৰে ৷ ইয়াৰোপৰি প্ৰয়াত চিৰনমস্য কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা গোস্বামীৰ নামত প্ৰকাশ কৰাটো অক্ষমনীয় অপৰাধ লগতে এনে দুষ্কাৰ্য কৰি তেওঁৰ নামটো জনমানসত হেয় প্ৰতিপন্ন কৰা চেষ্টা বুলি মন্তব্য কৰে চিকিৎসক শুভ্ৰকিংকৰ গোস্বামীয়ে ৷ বিশিষ্ট চিকিৎসক তথা লেখক গোস্বামীয়ে লগতে কয় যে গোষ্ঠীটোৱে তেওঁৰ লগত এইক্ষেত্ৰত কবিতা বিচাৰি কোনো যোগাযোগ কৰা নাছিল। তেনেক্ষেত্ৰত কেনেদৰে তেওঁৰ নামটো ব্যৱহাৰ কৰাক লৈ তেওঁ সন্দিহান হৈ পৰিছে ৷

ইতিমধ্যে চ'চিয়েল মিডিয়াত বিতৰ্ক সৃষ্টি কৰা এই ঘটনাৰ পিছতো বৰ্তমানলৈ গোষ্ঠীটোৰ কোনো লোকে তেওঁক ব্যক্তিগতভাৱে লগ কৰা নাই কিম্বা ফোনযোগেও ভুলৰ স্বীকাৰ কৰা নাই সেয়ে অতি শীঘ্ৰে গোষ্ঠীটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য গোস্বামীয়ে ৷

Slug Press Meet
12june
Story ftp

VO সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কবিতা অন্য ব্যক্তিৰ নামত প্ৰকাশ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে "গজালি" নামৰ  কাব্যালোচনীখনৰ গোষ্ঠী। উল্লেখ্য যে, নলবাৰী জিলাৰ অময়াপুৰ বগলচ ৰোডৰ পৰা প্ৰকাশিত জেপ আলোচনী "গজালি"ৰ জুন সংখ্যাত অসমৰ স্বনামধন্য কবি প্ৰয়াত হীৰেন ভট্টাচাৰ্যৰ "কবিতা" নামৰ বিখ্যাত কবিতাটো গোষ্ঠীটোৱে  নলবাৰীৰ বিশিষ্ট চকু চিকিৎসক শুভ্ৰকিংকৰ গোস্বামীৰ নামত প্ৰকাশ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে। এই সন্দৰ্ভত ডাঃ গোস্বামী অৱগত হোৱাত জাঙুৰ খাই উঠাৰ উপৰিও আজি তেওঁ এখন সংবাদ মেলৰ আয়োজন কৰি নিজৰ স্থিতি স্পষ্ট কৰে। নলবাৰীৰ নাট্যমন্দিৰ চৌহদৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আজি বিয়লি অনুষ্ঠিত সংবাদমেলত ডাঃ গোস্বামীয়ে গজালি নামৰ কাব্যালোচনীখনত বিশিষ্ট কবি হীৰেণ ভট্টাচাৰ্যৰ বিখ্যাত কবিতাটো তেওঁৰ নামত প্ৰকাশ কৰাত দুখ প্ৰকাশ কৰে। প্ৰয়াত চিৰনমস্য ব্যক্তি হীৰেণ ভট্টাচাৰ্যৰ কবিতা তেওঁৰ নামত প্ৰকাশ কৰাটো অক্ষমনীয় অপৰাধ বুলি মন্তব্য কৰি তেওঁলোকে এনে দুষ্কাৰ্য কৰি তেওঁৰ নামটো জনমানসত হেয় প্ৰতিপন্ন কৰা বুলিও প্ৰকাশ কৰে। বিশিষ্ট চিকিৎসক তথা লেখক গোস্বামীয়ে লগতে কয় যে গোষ্ঠীটোৱে তেওঁৰ লগত এইক্ষেত্ৰত কবিতা বিচাৰি কোনো যোগাযোগ কৰা নাছিল। তেনেক্ষেত্ৰত কেনেদৰে তেওঁৰ নামটো ব্যৱহাৰ কৰিলে তাকে লৈওঁ তেওঁ সন্দিহান হৈ পৰা বুলি মন্তব্য কৰে। এনে ধৰণৰ   দুস্কাৰ্য কৰা বিষয়টোৱে ইতিমধ্যে চ'চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি কৰাৰ
পিছতো আজিপৰ্যন্ত গোষ্ঠীৰ কোনো লোকে তেওঁক ব্যক্তিগতভাৱে লগ কৰা নাই কিম্বা ফোনযোগেও যোগাযোগ কৰি ভুল স্বীকাৰ কৰা নাই বুলিও ডাঃ গোস্বামীয়ে সংবাদ মেলত ব্যক্ত কৰে। এইক্ষেত্ৰত ডাঃ গোস্বামীয়ে কাব্য গোষ্ঠীটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰাৰ উপৰিও অতি শীঘ্ৰেে গোষ্ঠীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।ইপিনে সংবাদ মেলত উপস্থিত থাকি কবি পংকজ গোবিন্দ মেধিয়ে  কয় যে অতি সম্প্ৰতি সাহিত্যত দুস্কাৰ্য হৈছে ।সাহিত্যৰ ক্ষেত্ৰখনত নলবাৰীৰ এটা নাম আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এনে ঘটনা দুৰ্ভাগ্যজনক।  কবিগৰাকীয়ে লগতে কয় যে, কবিতাক লৈ নলবাৰীত উদ্ভণ্ডালি হৈছে ।আনহাতে, গজালিৰ সম্পাদক মণ্ডলীয়ে ডাঃ গোস্বামীৰ ওচৰলৈ আহি ভুল স্বীকাৰ নকৰাটো আচৰিত কথা বুলিও তেওঁ মন্তব্য কৰে ।সংবাদমেলত বিশিষ্ট চকু চিকিৎসক অৰুন বৰ্মন, শিক্ষাবিদ দ্বিজেন্দ্ৰ নাৰায়ন শৰ্মা, যুব নেতা দিলজিৎ বৰ্মন উপস্থিত থাকি স্বনামধন্য কবি প্ৰয়াত হীৰেন ভট্টাচাৰ্যৰ কবিতা ডাঃ শুভ্ৰকিংকৰ গোস্বামীৰ নামত প্ৰকাশ কৰা দুস্কাৰ্যক গৰিহনা দিয়ে।
 বাইট ডাঃ শুভ্ৰকিংকৰ গোস্বামী।

কৈলাস ডেকা, নলবাৰী।
Last Updated : Jun 13, 2019, 12:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.