ETV Bharat / state

শান্তি নিবাসে আশ্ৰয় দিলে অসহায় বৃদ্ধা শকুন্তলাক

author img

By

Published : Jun 10, 2019, 9:24 AM IST

৭০ উৰ্ধৰ বৃদ্ধাৰ কৰুণ কাহিনী ৷ স্থানীয় যুৱকৰ প্ৰচেষ্টাত কদৰ্যময় পৰিৱেশৰ পৰা উদ্ধাৰ কৰি শান্তি নিবাস অনাথ আশ্ৰমলৈ প্ৰেৰণ শকুন্তলাক

বৰ্ণিবাৰীৰ অসহায় বৃদ্ধা শকুন্তলাৰ সম্প্ৰতি ঠিকনা নলবাৰী শান্তি নিবাস

নলবাৰী, 10 জুনঃ চৰম আৰ্থিক দৈন্যতা তথা হতাশাৰ সন্মুখীন হোৱা ৭০ উৰ্ধৰ বৃদ্ধা শকুন্তলাক অৱশেষত স্থানীয় যুৱকৰ সহযোগত উদ্ধাৰ কৰিলে শান্তি নিবাস অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানে । স্বামী দিনেশ দাসক হেৰুওৱাৰ পিছত দিকবিদিক হেৰুৱাই অসহনীয় যন্ত্ৰণাত দিন অতিবাহিত কৰিছিল বৃদ্ধা গৰাকীয়ে । স্বামীৰ মৃত্যুৰ পিচত বৰ্ণিবাৰীৰ মাতৃ গৃহত থাকিবলৈ লৈছিল যদিও বয়স বৃদ্ধি হৈ অহাৰ পিছত নিজ মাতৃগৃহ এৰিবলগীয়া হ'ল বৃদ্ধাগৰাকীয়ে । যাৰ পৰিণতিত বৰ্ণিবাৰীৰ সাপ্তাহিক বজাৰেই আশ্ৰয়স্থলী হৈ পৰিল বৃদ্ধা গৰাকীৰ ।

বৰ্ণিবাৰীৰ অসহায় বৃদ্ধা শকুন্তলাৰ সম্প্ৰতি ঠিকনা নলবাৰী শান্তি নিবাস

নিজ ঘৰ ত্যাগ কৰি সাপ্তাহিক বজাৰ খনৰ মুকলি বজাৰ গৃহৰ এটি কোণত অনাহাৰ অনিদ্ৰাই দিন পাৰ কৰি আহিছিল বৃদ্ধা গৰাকীয়ে । বজাৰ খনৰ সচেতন ব্যৱসায়ীয়ে খাদ্যৰ যোগান ধৰিছিল যদিও যোৱা এবছৰে ভাত খোৱাৰ পৰা প্ৰায়ে বিৰত আছিল বৃদ্ধাগৰাকী । অৱশেষত বৃদ্ধা গৰাকীৰ কথা জানি শান্তি নিৱাসৰ স্বতাধিকাৰী তথা সাংবাদিক মজিবুৰ ৰহমানে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত শান্তি নিৱাস বৃদ্ধাশ্ৰম তথা অনাথ আশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰে ।

লগতে পঢ়কঃ বিলাসীপাৰাত পথ দুৰ্ঘটনাত চাৰিজনৰ মৃত্যুঃ উত্তপ্ত পৰিস্থিতি

Slug=Helpless Mother...10Jun...
Story ftp

#৭০ উৰ্ধৰ বৃদ্ধাৰ কৰুণ কাহিনী#

#বৰ্ণিবাৰীৰ অসহায় বৃদ্ধা শকুন্তলাৰ সম্প্ৰতি ঠিকনা নলবাৰী শান্তি নিৱাস#

#স্থানীয় যুৱকৰ প্ৰচেষ্টাত কদৰ্য পৰিৱেশৰ পৰা উদ্ধাৰ বৃদ্ধাগৰাকীক#

V.O=চৰম  আৰ্থিক দৈন্যতা , হতাশাৰ সন্মুখীন হোৱা ৭০ উৰ্ধৰ বৃদ্ধা শকুন্তলাক  অৱশেষত স্থানীয় যুৱকৰ সহযোগত উদ্ধাৰ কৰিলে শান্তি নিৱাস অনাথ আশ্ৰমৰ স্বত্বাধিকাৰী মজিবুৰ ৰহমানে । এক কদৰ্যময় পৰিবেশত দীৰ্ঘদিন ধৰি জীৱন অতিবাহিত কৰি আহিছিল শকুন্তলাই । স্বামী দিনেশ দাসক হেৰুওৱাৰ পিছত দিকবিদিক হেৰুৱাই অসহনীয় যন্ত্ৰণাত দিন অতিবাহিত কৰি আহিছিল বৃদ্ধা গৰাকীয়ে । নলবাৰী চহৰৰ সোণপুৰৰ বাসিন্দা দিনেশ দাসৰ সৈতে প্ৰায় ৫০ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল বৰ্ণিবাৰীৰ শকুন্তলাই । লৰা ছোৱালীৰ মুখ নেদেখিলেও হাঁহিৰে জীৱন অতিবাহিত কৰি আহিছিল দুয়ো গৰাকী স্বামী স্ত্ৰীয়ে । পিছে গুৰুতৰ ৰোগত আক্ৰান্ত হৈ স্বামী দিনেশ দাসে মৃত্যুক আকোৱালী লোৱাৰ পিছত শকুন্তলাৰ জীৱনলৈ নামি আহিছিল অমানিশা । চৌদিশে এন্ধাৰ দেখিছিল তেওঁ । শোকে দুখে তেওঁ  অৱশেষত থাকিবলৈ লৈছিল বৰ্ণিবাৰীৰ মাতৃ গৃহত । লাহে লাহে শকুন্তলাৰ বয়স বৃদ্ধি হৈ অহাৰ পিছত দেহটো অবশ: হৈ পৰিছিল । ভাবিছিল জীৱনৰ বিয়লি বেলাত ভাতৃয়ে সুখেৰে ৰাখিব , কিন্তু সেয়া সম্ভৱ নহল । অৱশেষত নিজ মাতৃ গৃহ এৰিব লগীয়া হল বৃদ্ধা শকুন্তলা দাসে । যাৰ পৰিনতিত বৰ্ণিবাৰীৰ সাপ্তাহিক বজাৰেই আশ্ৰয়স্থলী হৈ পৰিল বৃদ্ধা গৰাকীৰ । সাপ্তাহিক বজাৰ খনৰ মুকলি বজাৰ গৃহৰ এটি  কোণত অনাহাৰ অনিদ্ৰাই দিন পাৰ কৰি আহিছিল বৃদ্ধা গৰাকীয়ে । বজাৰ খনৰ কোনো দুই এক সচেতন ব্যৱসায়ীয়ে মাজে পৰে খাদ্যৰ যোগান ধৰিছিল যদিও যোৱা এবছৰে ভাত খোৱাৰ পৰা বিৰত আছিল। অৱশেষত বৃদ্ধা গৰাকীৰ এনে স্মৃতি ভৰা জীৱন কাহিনীৰ কথা জানি শান্তি নিৱাসৰ স্বতাধিকাৰী তথা সাংবাদিক মজিবুৰ ৰহমানে বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা কৰাৰ অন্তত  শান্তি নিৱাস বৃদ্ধাশ্ৰম ও অনাথ আশ্ৰমত আশ্ৰয়ৰ ব্যৱস্থা কৰে ।

বাইট=স্থানীয় ৰাইজ।।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.