নলবাৰী, ২৪ নৱেম্বৰ: অসমত কংগ্ৰেছ দলক নেতৃত্ব দি একেৰাহে তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'বলৈ সক্ষম হোৱা বিচক্ষণ ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত মৰ্মাহত হৈছে ৰাজ্যবাসী । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰে মঙলবাৰে নলবাৰীত শ্ৰদ্ধা নিবেদন কৰে জিলা কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ লগতে কংগ্ৰেছ কৰ্মীসকলে । অধিবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলা তৰুণ গগৈয়ে অসমৰ ৰাজনীতিৰ পথাৰত নিজকে এগৰাকী সুদক্ষ নেতা হিচাপে প্ৰতিষ্ঠা কৰিছিল ।
দক্ষতা আৰু ৰাজনীতিৰ জ্ঞানেৰে অভিজ্ঞ বৰ্ষীয়ান নেতাগৰাকীয়ে ৰাজ্য তথা কেন্দ্ৰৰ ৰাজনীতিত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । ৰাজ্যৰ শাসনৰ বাঘজৰী ১৫ বছৰে নিজৰ হাতত ৰাখিছিল প্ৰবীন ৰাজনীতিবিদ গৰাকীয়ে। অসমৰ ৰাজনীতিত বহুমূলীয়া অৱদান আগবঢ়াই অৱশেষত যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া 5:38 বজাত ইহলীলা সম্বৰণ কৰে । অসম কংগ্ৰেছৰ গুৰি বঠা ধৰোঁতা এইগৰাকী নেতাৰ মৃত্যুত অসমৰ ৰাজনীতিৰ পথাৰত শূন্যতা বিৰাজ কৰিছে ।
লগতে পঢ়ক:বৰপেটাত হেল্পলাইন ফাউণ্ডেশ্যনৰ খহনীয়াগ্ৰস্ত লোকক সাহাৰ্য