ETV Bharat / state

পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ দাবীত নলবাৰীত প্ৰতিবাদী কাৰ্যসূচী

সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ আঁৰত কোনো লোক জড়িত থকাৰ সন্দেহত ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে। নলবাৰীত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ ২ ঘন্টীয়া প্ৰতিবাদী অৱস্থান কাৰ্যসূচী ৰূপায়ণ। পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ উচিত তদন্তৰ দাবী।

পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ দাবীত নলবাৰীত প্ৰতিবাদী কাৰ্যসূচী
পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ তদন্তৰ দাবীত নলবাৰীত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Nov 13, 2020, 2:30 PM IST

নলবাৰী, ১৩ নৱেম্বৰ: দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱা তিনিচুকীয়াৰ কাকপথাৰৰ সাংবাদিক পৰাগ ভূঞাৰ মৃত্য়ুক পূৰ্ব পৰিকল্পিত হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে। শুক্ৰবাৰে সাংবাদিকগৰাকীৰ সন্দেহজনক মৃত্যুৰ উচিত তদন্তৰ দাবীত নলবাৰীত ২ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে। দলটোৰ নলবাৰী চহৰ সমিতিয়ে জিলা সমিতিৰ কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।

উক্ত কাৰ্যসূচীত পৰিষদৰ নলবাৰী জিলা চহৰ সমিতিৰ সম্পাদক হেমেন কলিতাই কয় যে, সাংবাদিক পৰাগ ভূঞাৰ দুৰ্ঘটনাত হোৱা মৃত্যু ৰহস্যজনক৷ লগতে সাংবাদিকগৰাকীৰ মৃত্যুৰ তদন্ত কৰি ৰাজ্য চৰকাৰে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনায় সম্পাদকগৰাকীয়ে। তেওঁ কয় যে, বাৰে বাৰে বহু সাংবাদিক ওপৰত এনেদৰে দুষ্ট চক্ৰই আক্ৰমণ কৰাই নহয়, হত্যাও কৰি আহিছে আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। সাংবাদিক আক্ৰমণৰ ঘটনা সদায় গৰিহনাৰ যোগ্য৷

এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে পৰিষদৰ নলবাৰী জিলা সমিতিৰ উপ-সভাপতি পাৰ্থ প্ৰতিম শৰ্মা, নলবাৰী চহৰ সমিতিৰ সভাপতি নয়ন শৰ্মা, নলবাৰী জিলা সমিতিৰ সম্পাদক নিৰোদ দাসৰ লগতে নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা আৰু সাংবাদিকসকল। সাংবাদিক পৰাগ ভূঞাৰ মৃত্যু ৰহস্যজনক বুলি দাবী কৰি ইয়াৰ উচিত তদন্তৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

লগতে পঢ়ক:তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী ৰণডংকা বজালে বিধায়ক ৰমাকান্ত দেউৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.