ETV Bharat / state

প্লাৱিত মুকালমুৱা মহকুমা চিকিৎসালয়

বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ মুকালমুৱা মহকুমা চিকিৎসালয় কৃত্ৰিম বানৰ কৱলত (Artificial Flood In Mukalmua Hospital)। ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৰোগী, চিকিৎসক, কৰ্মচাৰীৰ মাজত । মুকালমুৱা মহকুমা চিকিৎসালয়ৰ ভৱনত অতি শীঘ্ৰে চিকিৎসা সেৱা আৰম্ভ কৰাৰ দাবী ৰাইজৰ ।

Mukalmua
প্লাৱিত মুকালমুৱা মহকুমা চিকিৎসালয়
author img

By

Published : Jun 16, 2022, 8:03 PM IST

নলবাৰী,১৬ জুন : সমগ্ৰ ৰাজ্যতে বিগত কিছুদিন ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানীৰ (Floods in Assam)। ইখনৰ পাছত সিখন জিলা বানৰ কৱলত পৰিছে । নামনিৰ কেইবাখনো জিলা এতিয়া বানৰ কৱলত । বিশেষকৈ নলবাৰী জিলাত বান পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ লৈছে ।

জিলাখনৰ বৰক্ষেত্ৰীৰ মুকালমুৱাৰো বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে (Floods in Mukalmua)। ইফালে বাঢ়নী পানীয়ে বুৰাই পেলাইছে মুকালমুৱা চিকিৎসালয়ৰ চৌহদ । এক অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰিছে চিকিৎসালয়খনত । চিকিৎসালয়খনৰ ঔষধ মজুত কৰি ৰখা কোঠালী, প্ৰসূতি বিভাগৰ কোঠা, পঞ্জীয়ন কোঠা আদিৰ ভিতৰত পানী সোমাৱাৰ ফলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে । ফলত ঔষধকে আদি কৰি বিভিন্ন সা-সামগ্ৰী নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে (Flood affects Mukalmua Hospital)।

প্লাৱিত মুকালমুৱা মহকুমা চিকিৎসালয়

অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতেই এতিয়া চিকিৎসা সেৱা অব্যাহত ৰাখিবলগীয়া হৈছে চিকিৎসক তথা হাস্পতাল কৰ্তৃপক্ষই । ইয়াৰ মাজতে হাস্পতালখনৰ আন্তঃগাঁথনিক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে । চিকিৎসালয় চৌহদত নিৰ্মাণ কৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ ভৱন সন্দৰ্ভতো বিভিন্ন ধৰণৰ অভিযোগ আনিছে স্থানীয় লোকসকলে ।

চিকিৎসালয় চৌহদত মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ ভৱন নিৰ্মাণ কৰা হৈছে যদিও বিভাগীয় বিষয়া-কৰ্মচাৰীক মেনেজ কৰি ভৱনটোৰ লগত জড়িত আনুসংগিক কাম সম্পূৰ্ণ নকৰাকৈয়ে ঠিকাদাৰে কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । লক্ষণীয়ভাৱে প্ৰায় ডেৰ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰা অসামৰিক চিকিৎসালয় ভৱনটো ব্যৱহাৰ নকৰোঁতেই বিভিন্ন ঠাইত জহি-খহি যোৱাৰ উপক্ৰম হৈছে । ইফালে বিভাগীয় হেমাহিৰ বাবেই এতিয়াও চিকিৎসা সেৱা আৰম্ভ হোৱা নাই ভৱনটোত । যাৰ ফলত পুৰণি গৃহসমূহতেই চলাই থাকিবলগীয়া হৈছে চিকিৎসা সম্পৰ্কীয় সকলো কাম কাজ ।

বিগত দুই তিনিদিন ধৰি এনেদৰে চিকিৎসালয় চৌহদত পানী ভৰি থকাৰ লগতে কোঠালীসমূহত পানী সোমোৱাৰ ফলত চিকিৎসা সেৱা ব্যাহত হোৱাত চিকিৎসালয়ৰ চিকিৎসক, কৰ্মচাৰী তথা সৰ্বসাধাৰণ লোকসকলে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ ভৱনটোত চিকিৎসা সেৱা আৰম্ভ কৰাৰ দাবী জনাইছে । ৰাইজৰ মতে মহকুমা অসামৰিক চিকিৎসালয়ৰ ভৱনত চিকিৎসা আৰম্ভ হ'লে আজি ৰোগী তথা কৰ্মচাৰীসকলে এই ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগা নহ'লহেঁতেন বুলিও বহুতে উদ্বেগ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :নলবাৰীত বানৰ সংহাৰী ৰূপ: পুনৰ ছিগিল মৰাপাগলাদিয়াৰ মথাউৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.