ETV Bharat / state

মুষলধাৰ বৰষুণত কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ

শনিবাৰে নলবাৰী চহৰৰ প্ৰতিটো ৰাজপথ পানীৰে উপচি পৰাত সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থা ৷ শীঘ্ৰে এই সমস্যা সমাধানৰ কৰিবৰ বাবে স্থানীয় বিধায়ক তথা জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী জনতাই ৷

artificial-flood-at-nalbari-town
মুষলধাৰ বৰষুণত কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ
author img

By

Published : Jun 5, 2021, 12:46 PM IST

Updated : Jun 5, 2021, 1:04 PM IST

নলবাৰী,5 জুন: বাৰিষাৰ পূৰ্বে কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ ৷ বিগত কেইবাদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত শনিবাৰে নলবাৰী চহৰৰ প্ৰতিটো ৰাজপথ বুৰ যায় কৃত্ৰিম বানত ৷ যাৰ বাবে যমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷ সমান্তৰালকৈ ৰাজপথৰ কাষতে থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ অৱস্থাৰ ৷ উল্লেখ্য যে, নলবাৰী পৌৰসভাৰ গাফিলতিৰ বাবে প্ৰতিবছৰে এনেদৰে কৃত্ৰিম বানত বুৰ যায় নলবাৰীৰ ৰাজপথ ৷ ফলত যমৰ যাতনা ভূগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷

মুষলধাৰ বৰষুণত কৃত্ৰিম বানত বুৰিল নলবাৰী চহৰ

নলবাৰী পৌৰসভাই সময়মতে নলা-নৰ্দমা চাফ-চিকুণ কৰি জাৱৰ নিস্কাশন কৰিলে এনেধৰণৰ সমস্যাৰ পৰা সকাহ পোৱাৰ কথা উল্লেখ কৰি ক্ষোভ প্ৰকাশ কৰে সাধাৰণ জনতাই ৷ অতি উল্লেখনীয় যে, নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু জিলাখনৰ পূৰ্বৰ উপায়ুক্ত ভাৰত ভূষণ চৌধুৰীয়ে জিলাখনৰ কৃত্ৰিম বানৰ সমস্যা ৰোধ কৰাৰ বাবে যথেষ্ট কাম কৰিছিল ৷ কিন্তু ভাৰত ভূষণ চৌধুৰীৰ পৰৱৰ্তী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত কোনোধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে এজাক বৰষুণতে এনেধৰণৰে বাট-পথ পানীৰে ভৰি পৰাৰ অভিযোগ কৰিছে ৰাইজে ৷

এই সন্দৰ্ভত তীব্ৰ ক্ষোভ তথা অসন্তুষ্টি প্ৰকাশ কৰি জিলাখনৰ কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে সাধাৰণ জনতাই ৷ নলবাৰী নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱা তথা জিলা উপায়ুক্ত গীতিমণি ফুকনে এই গুৰুতৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫৮ লাখ টকা আজমল ফাউণ্ডেছনৰ

Last Updated : Jun 5, 2021, 1:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.