ETV Bharat / state

নলবাৰীৰ এখন গাঁৱত আৰ্চেনিক যুক্ত পানী খাই প্ৰাণ গৈছে বহু জনৰ

author img

By

Published : Oct 30, 2020, 5:36 PM IST

আৰ্ট অৱ লিভিংৰ প্ৰশংসনীয় পদক্ষেপ। বালিতাৰাত আৰ্চেনিক মুক্ত বিশুদ্ধ পানীৰ চিনটেক্স স্থাপন। অনুষ্ঠানটোত উপস্থিত নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ।

art of living good initiative at nalbari balitara village
নলবাৰীৰ এখন গাঁৱত আৰ্চেনিক যুক্ত পানী খাই প্ৰাণ গৈছে বহু জনৰ

নলবাৰী,30 অক্টোবৰঃ নলবাৰীৰ এখন অভিশপ্ত গাঁও বালিতাৰা । যিখন গাঁৱত আৰ্চেনিক যুক্ত পানীৰ ভয়াৱহতাৰ বিষয়ে সৰ্বজন জ্ঞাত। আৰ্চেনিক যুক্ত পানী সেৱন কৰি ইতিমধ্যেই মাৰাত্মক কৰ্কট ৰোগ,বৃক্ক ৰোগ,যকৃত ৰোগ,যক্ষ্মা ৰোগৰ নিচিনা মাৰাত্মক ৰোগে প্ৰাণ কাঢ়িছে বহু জনৰ। এতিয়াও চিকিৎসাধীন হৈ আছে বহু কেইগৰাকী ।

শুকুৰবাৰে বালিতাৰা গাঁও খনত উপস্থিত হয় আৰ্ট অৱ লিভিংৰ ৰাজ্যিক সমন্বয়ক অমৰ কলিতা,সদস্য মাধৱ ডেকা,প্ৰাণজিৎ ৰাজবংশীৰ লগতে গৱেষক ছাত্ৰ সমীৰণ বাৰৈ । তেওঁলোকে উক্ত গাঁও খনত "আৰ্চেনিক মুক্ত পানী বিশুদ্ধকৰণ"ৰ উদ্ভাৱক তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ ৰবীন কুমাৰ দত্তৰ লগত আলোচনা কৰি গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী চান্দীপ খৈতানৰ সহযোগিতাত দমকলৰ পৰা সংযোগ কৰি চিনটেক্স ড্ৰামত আৰ্চেনিক যুক্ত পানী বিশুদ্ধকৰণ কৰি সেৱন কৰাৰ প্ৰচেষ্টা হাতত লয়।

ইপিনে আৰ্ট অৱ লিভিংৰ ৰাজ্যিক সমন্বয়ক অমৰ কলিতাই আতধৰা উক্ত অনুষ্ঠানটোত উপস্থিত থাকি নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে আৰ্চেনিক যুক্ত পানী সেৱন কৰি ইতিমধ্যেই বিভিন্ন জনে মৃত্যু বৰণ কৰাত দুখ প্ৰকাশ কৰে ৷ লগতে আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ব্যক্তি সকলৰ আশু আৰোগ্য কামনা কৰে ৷ আৰ্চেনিক যুক্ত পানী সংশোধন কৰি জমা ৰখা চিনটেক্স ড্ৰামৰ বিশুদ্ধ পানী সেৱন কৰিবলৈ স্থানীয় ৰাইজক আহ্বান জনোৱাৰ লগতে মত বিনিময় কৰি আৰ্ট অৱ লিভিংৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

লগতে পঢ়কঃ মহানগৰীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ 12 টা বছৰ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.